
শিৱসাগৰ, ২৫ মে (হি.স.)। শিৱসাগৰৰ পুৰণি বস্ত্ৰ ব্যৱসায়ী পৱন ম'ৰ সন্ধানহীন৷কালি দুপৰীয়াৰ পৰা সন্ধানহীন হোৱাক লৈ তীব্ৰ চাঞ্চল্য৷শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ মাৰোৱাৰী পট্টীৰ বাসিন্দা পৱন ম'ৰ৷৬৫ বছৰীয়া পৱন ম'ৰ নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সংলগ্ন বাসগৃহৰ পৰা সন্ধানহীন৷এটা বগা চাৰ্ট আৰু কলা পেন্ট পৰিধান কৰি ঘৰৰ পৰা ওলাই অহাৰ পিছতেই সন্ধান নাই ব্যৱসায়ীজনৰ৷
মবাইল ফোনটোও এৰি থৈ গৈছে ঘৰত৷বস্ত্ৰ ব্যৱসায়ীজনৰ পুত্ৰই সন্ধ্যাৰ ভাগত সদৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ৷কোনোবা সদশয় ব্যক্তিয়ে পৱন ম'ৰ সন্ধান পালে ৯৭০৬৯২৪১৫৪ ফোন নম্বৰত পৰিয়ালৰ লোকৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ