
গুৱাহাটী, ২৫ মে’ (হি.স.)। ভাৰতীয় মানক ব্যুৰো (বি আই এছ)ৰ গুৱাহাটী শাখা কাৰ্যালয়ৰ বিষয়াসকলে বাক্ৰাপাৰা ৰোডৰ বশিষ্ঠ চাৰিআলিত অৱস্থিত শ্ৰী ছাইনাথ জুৱেলাৰীত ২০২৬ৰ ২২ মে’ত অনুসন্ধান আৰু জব্দ অভিযান চলায় ।
বি আই এছ হলমাৰ্কৰ অপব্যৱহাৰ আৰু বি আই এছ হলমাৰ্কিং পঞ্জীয়ন অবিহনে সোণৰ গহনা সামগ্ৰীৰ অনানুমোদিত বিক্ৰী সম্পৰ্কে অভিযোগ পোৱাৰ পাছত এই অভিযান চলোৱা হয়। বি আই এছ হলমাৰ্ক ব্যৱহাৰৰ বাবে বি আই এছ হলমাৰ্কিং পঞ্জীয়ন বা অনুমোদন নথকা সত্বেও প্ৰতিষ্ঠানখনে বেনাৰ আৰু দোকানৰ বাহিৰৰ দেৱালত বি আই এছ হলমাৰ্কৰ প্ৰতীকচিহ্ন বিশিষ্টভাৱে প্ৰদৰ্শন কৰি থোৱা অভিযানকালত পৰিলক্ষিত হয়।
বি আই এছৰ বিধি বলৱৎকাৰী দলটোৱে কৰা অধিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি বিপণীখন ভুৱা বি আই এছ হলমাৰ্ক থকা সোণৰ গহনা সামগ্ৰী বিক্ৰীৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপিত হৈছে। বি আই এছ আইন, ২০১৬ৰ ব্যৱস্থাৰ অধীনত ভুৱা বা অনানুমোদিত হলমাৰ্কৰ ব্যৱহাৰ এক গুৰুতৰ অপৰাধ, কিয়নো বিশুদ্ধতাৰ নিশ্চয়তা আৰু গ্ৰাহক সুৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰে অধিসূচিত জিলাসমূহত সোণৰ গহনা আৰু শিল্পকলাৰ হলমাৰ্কিং বাধ্যতামূলক কৰিছে।
সোণৰ গহণা সামগ্ৰীসমূহ ভাৰত চৰকাৰৰ অধিসূচিত বাধ্যতামূলক হলমাৰ্কিং আদেশৰ আওতাত থাকে। বি আই এছ আইন, ২০১৬ৰ ১৫(১), ১৫(২) ধাৰা উলংঘা কৰা অপৰাধীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অপৰাধৰ কাৰাদণ্ডৰ ম্যাদ এবছৰলৈ বৃদ্ধি হ’ব পাৰে অথবা এই অপৰাধৰ জৰিমনা এক লাখ টকাতকৈ কম হ’ব নোৱাৰে। তদুপৰি বি আই এছ আইন, ২০১৬ অনুসৰি এই জৰিমনা উৎপাদিত বা বিক্ৰী কৰা সামগ্ৰী তথা হলমাৰ্ক বা কোনো মানক চিহ্ন সংলগ্ন কৰি বিক্ৰী কৰিবলৈ আগবঢ়োৱা বা বিক্ৰী কৰা সামগ্ৰীৰ মূল্যৰ পাঁচগুণলৈ বৃদ্ধি হ’ব পাৰে।
বি আই এছ আইন, ২০১৬ত কোৱা হৈছে- ব্যুৰোৰ প্ৰমাণপত্ৰৰ বাহিৰে কোনো ব্যক্তিয়ে অন্য কোনো পৰিস্থিতিত ধাৰা ১৪ৰ উপধাৰা (১) ৰ অধীনত কোনো সামগ্ৰী আমদানি, বিতৰণ, বিক্ৰী, সংৰক্ষণ বা বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰিব নোৱাৰিব। ব্যুৰোৰ দ্বাৰা প্ৰমাণিত ব্যক্তিৰ বাহিৰে আন কোনো ব্যক্তিয়ে ১৪ নং ধাৰাৰ উপধাৰা (৩) ৰ অধীনত বিজ্ঞাপন, বিক্ৰী প্ৰচাৰৰ পুস্তিকা, মূল্য তালিকা বা আন মাধ্যমেৰে হলমাৰ্ক আৰু মানক চিহ্নকে ধৰি জাননী দিয়া আৰু মানক চিহ্নৰ সৈতে চিহ্নিত সামগ্ৰী বা সামগ্ৰী বিক্ৰী বা প্ৰদৰ্শন বা বিক্ৰী কৰাৰ প্ৰস্তাৱ দিব নোৱাৰিব।
ভাৰতীয় মানক ব্যুৰোৱে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে বিআইএছ আইন ২০১৬ উলংঘন সম্পৰ্কীয় তথ্য বা অভিযোগ পোৱাৰ লগে লগে অনুসন্ধান আৰু জব্দ অভিযান চলাই আহিছে। বি আই এছে লগতে সকলো নাগৰিকক বি আই এছ প্ৰমাণপত্ৰ/পঞ্জীয়ন অবিহনে বাধ্যতামূলক সামগ্ৰী বিক্ৰী কৰা বা আই এছ আই মাৰ্ক বা বি আই এছ হলমাৰ্কৰ অপব্যৱহাৰ হোৱা যিকোনো ঘটনাৰ বিষয়ে উপযুক্ত কৰ্তৃপক্ষলৈ অৱগত কৰিবলৈ অনুৰোধ জনায়। তথ্যসমূহ এই ঠিকনালৈ প্ৰদান কৰিব পাৰিঃ মুৰব্বী, গুৱাহাটী শাখা কাৰ্যালয়, দ্বিতীয় মহলা, ৱেষ্ট এণ্ড বিল্ডিং ব্লক, হাউছফেড কমপ্লেক্স, দিছপুৰ, গুৱাহাটী, অসম-৭৮১০০৬। এনে অভিযোগসমূহ ghbo@bis.gov.in ঠিকনাত ই-মেইলৰ জৰিয়তেও কৰিব পাৰি।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী