বৰপেটাত ঘোচখৰ অসামাজিক লোকলৈ সকিয়নি বিধানসভাৰ নৱ নিযুক্ত অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ
বৰপেটা, ২৫ মে (হি.স.)। অবৈধ মদ, জুৱাৰ লগতে কোনো অসামাজিক কাম কাজ নচলিব | আৰক্ষী, চক্ৰবিষয়াকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এৰিব লাগিব বদ অভ্যাস | থানালৈ অহা মানুহক হাৰাশাস্তি কৰা নচলিব | অন্যথা ঘোচখোৰ বিষয়া কৰ্মচাৰীক সদনৰ মজিয়ালৈ টানি লৈ যোৱ
বৰপেটাত ঘোচখৰ অসামাজিক লোকলৈ সকিয়নি বিধানসভাৰ নৱ নিযুক্ত অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ


বৰপেটা, ২৫ মে (হি.স.)।

অবৈধ মদ, জুৱাৰ লগতে কোনো অসামাজিক কাম কাজ নচলিব |

আৰক্ষী, চক্ৰবিষয়াকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীয়ে এৰিব লাগিব বদ অভ্যাস |

থানালৈ অহা মানুহক হাৰাশাস্তি কৰা নচলিব |

অন্যথা ঘোচখোৰ বিষয়া কৰ্মচাৰীক সদনৰ মজিয়ালৈ টানি লৈ যোৱাৰ সকিয়নি অসম বিধানসভাৰ নৱ নিযুক্ত অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ | ৰণজিৎ কুমাৰ দাস

অকল অবৈধ মদ জুৱাই নহয়,

আৰক্ষী, চক্ৰবিষয়াকে ধৰি চৰকাৰী বিষয়া কৰ্মচাৰীক বদ অভ্যাস পৰিত্যাগ কৰিবলৈ আৰু ৰাইজক হাৰাশাস্তি নকৰিবলৈকো আহ্বান বিধানসভাৰ অধ্যক্ষ গৰাকীৰ |

অন্যথা বিধানসভাৰ মজিয়ালৈ নি ব্যৱস্থা গ্ৰহনৰ হুংকাৰ অধ্যক্ষ গৰাকীৰ |

সৰভোগ, বৰপেটা ৰোড

আদিত আয়োজিত ৰাজহুৱা সম্বৰ্ধনা গ্ৰহন কৰি আৰক্ষী, চৰকাৰী বিষয়া আৰু অসামাজিক লোকসকললৈ সকিয়নি অসম বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ তথা ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ৰণজিৎ কুমাৰ দাসৰ |

সৰভোগ আৰু বৰপেটা ৰোডত দল-সংগঠন, ধৰ্মীয় অনুষ্ঠান, বিদ্যালয়-মহাবিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানে জনোৱা ৰাজহুৱা সম্বৰ্ধনা অনুস্থানত অংশ লৈ ৰণজিৎ কুমাৰ দাসে চুলাই মদকে ধৰি জুৱাই সমাজ খনক ধ্বংসৰ মুখলৈ ঠেলি নিয়া বুলি ব্যক্ত কৰে ।

সমাজ নিৰ্মাণ কৰিব নোৱাৰিলে বাট পথ নিৰ্মাণ কৰি সমাজৰ উন্নয়ন সাধন কৰা নহয় বুলিও মন্তব্য ৰণজিৎ কুমাৰ দাসৰ |

আনহাতে ভৱানীপুৰ সৰভোগ সমষ্টিৰ উন্নয়নৰ বাবে অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে প্ৰতিখন পঞ্চায়ততে একোগৰাকী ''বিধায়ক প্ৰতিনিধি'' নিয়োগ কৰাৰ কথাও ঘোষণা কৰে ৰণজিৎ কুমাৰ দাসে |

সমষ্টিৰ প্ৰতিখন গাওৰ, প্ৰতিটো পৰিয়াল, প্ৰতিজন লোকৰ সমস্যা যাতে তেও জানিব পাৰে তাৰবাবে প্ৰতিখন গাঁও পঞ্চায়তত একোজন বিধায়ক প্ৰতিনিধি নিয়োগ কৰিব |

এই প্ৰতিনিধি সকলৰ জৰিয়তে ৰাইজে নিজৰ নিজৰ অভাৱ অভিযোগ আৰু সমস্যা সমুহ তেওঁক অবগত কৰিব পাৰিব আৰু সেইসমুহ সমাধানৰ প্ৰচেষ্টা চলাব বুলিও ৰাজহুৱাভাৱে ঘোষণা কৰে ৰণজিৎ কুমাৰ দাসে |

অসম বিধানসভাৰ অধ্যক্ষ গৰাকীৰ দূৰ্নীতিৰ বিৰুদ্ধে এনে শূণ্য সহনশীল নীতিক আদৰণি সমাজৰ সৰ্বস্তৰৰ লোকৰ |

আনকি সৰভোগৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন তালুকদাৰে সংবাদমেলযোগে

ৰণজিৎ কুমাৰ দাসৰ এনে পদক্ষেপক আদৰণি চিপিআইএমৰ প্ৰাক্তন বিধায়ক জনৰ |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande