মূল্যবৃদ্ধি ৰোধৰ দাবীত যোৰহাটত গণ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ
যোৰহাট, ২৫ মে (হি.স.)। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাইছে।বৰ্তমান সময়ত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যই সাধাৰণ জনতাৰ জীৱন নিৰ্বাহ ভয়াৱহ কৰি তুলিছে । মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালৰ বাবে
মূল্যবৃদ্ধি ৰোধৰ দাবীত যোৰহাটত গণ প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ


যোৰহাট, ২৫ মে (হি.স.)। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক মাধমাৰ শোধাইছে।বৰ্তমান সময়ত নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ লগতে ইন্ধনৰ মূল্যই সাধাৰণ জনতাৰ জীৱন নিৰ্বাহ ভয়াৱহ কৰি তুলিছে । মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালৰ বাবে দুবেলা-দুমুঠি যোগাৰ কৰাই অসম্ভৱ হৈ পৰিছে। ইয়াৰ উপৰিও পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে পৰিবহন খণ্ডৰো খৰচ বৃদ্ধি কৰিছে, যাৰ ফলত সামগ্ৰিকভাৱে সকলো বস্তুৰ দাম বাঢ়িছে। আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে গণ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিষদৰ প্ৰায় তিনি শতাধিক সদস্য আৰু স্থানীয় ৰাইজে ভোগদৈ দলঙৰ পৰা যোৰহাট নগৰৰ মাজেৰে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰি মূল্য বৃদ্ধি ৰোধৰ দাবীত বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি অসীম জ্যোতি শইকীয়া আৰু সাধাৰণ সম্পাদক পল্লৱ দাসে কয় যে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি চৰকাৰে অনতিবিলম্বে নিয়ন্ত্ৰণ কৰাৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ বৰ্দ্ধিত মূল্য প্ৰত্যাহাৰ কৰি সকাহ দিব লাগে। একেটা বিবৃতিতে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি শিৱ কলিতাই উল্লেখ কৰে যে চৰকাৰ খনে বজাৰত অসাধু ব্যৱসায়ীৰ দ্বাৰা সৃষ্ট কৃত্ৰিম নাটনি ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে দৰিদ্ৰ জনসাধাৰণক যোগান ধৰা সামগ্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।ৰাইজৰ জীৱন-জীৱিকাৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ বিষয়টো বিবেচনা কৰি অতি শীঘ্ৰেই চৰকাৰে মূল্যবৃদ্ধি ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে পৰিষদৰ যোৰহাট জিলা সমিতিয়ে যোৰহাটৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande