আগ্ৰাত উপস্থিত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’, পত্নীৰ সৈতে তাজমহলৰ সৌন্দৰ্য্যৰ প্ৰশংসা
আগ্ৰা, ২৫ মে’ (হি.স.)। ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই সোমবাৰে বিশেষ বিমানেৰে আগ্ৰাত উপস্থিত হয় আৰু তেওঁৰ পূর্বে পৰিকল্পিত সময়সূচী অনুসৰি পত্নীৰ সৈতে তাজমহল দৰ্শন কৰি ইয়াৰ সৌন্দর্যৰ প্রশংসা কৰে ৷ শনিবাৰৰ পৰা ভাৰত ভ্ৰমণলৈ অ
अमेरिकी विदेश मंत्री पहुंचे आगरा


भारत पहुंचे अमेरिकी विदेश मंत्री, सोमवार को करेंगे ताज का दीदार


আগ্ৰা, ২৫ মে’ (হি.স.)। ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই সোমবাৰে বিশেষ বিমানেৰে আগ্ৰাত উপস্থিত হয় আৰু তেওঁৰ পূর্বে পৰিকল্পিত সময়সূচী অনুসৰি পত্নীৰ সৈতে তাজমহল দৰ্শন কৰি ইয়াৰ সৌন্দর্যৰ প্রশংসা কৰে ৷

শনিবাৰৰ পৰা ভাৰত ভ্ৰমণলৈ অহা আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ সোমবাৰে পুৱা প্ৰায় ৯:৩০ বজাত পত্নী জিনেটৰ সৈতে বিশেষ বিমানেৰে আগ্ৰাৰ খেৰিয়া বায়ুসেনা ষ্টেচনত উপস্থিত হয়। তাৰ পৰা তেওঁলোকৰ কনভয় পোনে পোনে তাজমহলৰ শিল্পগ্ৰামলৈ আগবাঢ়িল। মাৰ্কো আৰু তেওঁৰ পত্নী গলফ গাড়ীত উঠি তাজমহলৰ পূব গেটত উপস্থিত হৈ পূবৰ গেটেৰে খোজকাঢ়ি তাজমহল কমপ্লেক্সত প্ৰৱেশ কৰে। তেওঁলোকৰ সৈতে প্ৰতিনিধি দলৰ একাংশ সদস্যও উপস্থিত থাকে।

তাজমহলৰ সৌন্দৰ্য্যত মন্ত্ৰমুগ্ধ মাৰ্কো ৰুবিঅ’ই ডায়েনা বেঞ্চত পত্নী জিনেটৰ সৈতে এই সুন্দৰ মুহূৰ্তবোৰ বন্দী কৰিছিল। গাইড নীতিন গুপ্তাই মাৰ্কো ৰুবিঅ’ৰ সৈতে তাজমহল ভ্ৰমণ কৰি ইয়াৰ নিৰ্মাণ আৰু ইতিহাস সম্পৰ্কে তথ্য প্ৰদান কৰে।

তাজমহল পৰিদৰ্শন কৰি মাৰ্কো ৰুবিঅ’ই আগ্ৰাৰ এখন পাঁচ তাৰকা হোটেলত অলপ জিৰণি আৰু দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ৰাওনা হয়। ইয়াৰ পিছতে তেওঁ আগ্ৰাৰ পৰা জয়পুৰলৈ ৰাওনা হয়।

আমেৰিকাৰ বিদেশ মন্ত্ৰীৰ আগ্ৰা ভ্ৰমণৰ সময়ত আগ্ৰা আৰক্ষী আৰু প্ৰশাসনৰ লগতে আমেৰিকাৰ নিৰাপত্তা দলটোৱে পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। চোৰাংচোৱা সংস্থাসমূহো হাই এলাৰ্টত আছে। খেৰিয়া বিমানবন্দৰৰ পৰা তাজমহল আৰু তাজমহলৰ পৰা হোটেল অমৰ ভিলাছলৈকে চুক-কোণত আৰক্ষী মোতায়েন কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande