ধুবুৰীত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী নাবালিকা কিশোৰী
ধুবুৰী, ২৪ মে (হি.স.)। ধুবুৰীত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী নাবালিকা কিশোৰী । সংকটজনক অৱস্থাত উদণ্ড বাইক ষ্টান্ট কৰা দুজন যুৱক। আটাই কেইজনৰ পৰিচয় বাতৰিটো সংবাদ মাধ্য়মলৈ প্ৰেৰণ কৰা সময় লৈকে জানিব পৰা হোৱা নাই । আদাবাৰী স্থিত ধুবুৰী
ধুবুৰীত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী নাবালিকা কিশোৰী


ধুবুৰী, ২৪ মে (হি.স.)। ধুবুৰীত উদণ্ড যুৱকৰ বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী নাবালিকা কিশোৰী । সংকটজনক অৱস্থাত উদণ্ড বাইক ষ্টান্ট কৰা দুজন যুৱক। আটাই কেইজনৰ পৰিচয় বাতৰিটো সংবাদ মাধ্য়মলৈ প্ৰেৰণ কৰা সময় লৈকে জানিব পৰা হোৱা নাই । আদাবাৰী স্থিত ধুবুৰী ফুলবাৰী সংযোগী নৱনিৰ্মিত ফৰলেন ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

পিছত স্থানীয় ৰাইজে ততাতৈয়াকৈ আটাই কেইজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে উক্ত অঞ্চলটোত ৰাষ্ট্ৰীয় ঘাইপথত একাংশ উদণ্ড যুৱকে বাইক ষ্টান্ট কৰি সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ বাবে দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande