
কোকৰাঝাৰ, ২৪ মে (হি.স.)। সমাগত ঈদ উজ- জাহা ত গৰুৰ কুৰবানি নিদিবলৈ আহ্বান জনাইছে নেমছুৱে। নেমছুৰ গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি ছাদ্দাম হুছেইনে কুৰবানিক লৈ চৰকাৰৰ স্হিতিক পূৰ্ণ সমৰ্থন জনাই চৰকাৰৰ নিৰ্দেশ পালন কৰি কোনো বিতৰ্কৰ সৃষ্টি নকৰি পৱিত্ৰ ঈদৰ কুৰবানি আদায় কৰিবলৈ তেঁও আহ্বান জনায়। গৰুৰ কুৰবানিক লৈ যিহেতু চৰকাৰ তথা বেলেগ ধৰ্মৰ মানুহৰ আপত্তি আছে সেই আপত্তিকাৰীসকলৰ সন্মান জনাই গৰুৰ পৰিৱৰ্তে বেলেগ জন্তুৰ কুৰবানি দিবলৈও তেঁও আহ্বান জনায়।কোনো ধৰ্মৰ ভাৱাবেগক আঘাত হানিব নালাগে।চৰকাৰৰ নিয়ম নীতি পালন কৰি মুকলি ঠাইত কুৰবানি নিদিবলৈ তেঁও আহ্বান জনাই আগন্তুক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।ধৰ্মৰ নামত আমাৰ মাজত থকা ঐক্য সম্প্ৰীতি যাতে বিনষ্ট নহয় তাৰ প্ৰতি সকলোকে সজাগ আৰু সচেতন হৈ থাকিবলৈ ছাত্ৰ নেতা গৰাকীয়ে পুনৰ আহ্বান জনায়।ঈদৰ দিনা যুৱ প্ৰজন্মক উশৃংখল নহবলৈও তেঁও আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ