
ডিব্ৰুগড়, ২৪ মে (হি.স.)। ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অব্যাহত মূল্যবৃদ্ধিৰ প্ৰতিবাদত এইবাৰ উত্তাল হৈ পৰিল ডিব্ৰুগড়ৰ বৰবৰুৱা অঞ্চল। খাদ্য সামগ্ৰী, পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ তথা ঔষধৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে শনিবাৰে বৰবৰুৱা সাপ্তাহিক বজাৰ চৌহদত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ডিব্ৰুগড় নগৰ সমিতিয়ে। সংগঠনটোৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বৰবৰুৱা সাপ্তাহিক বজাৰৰ মাজেৰে এক বৃহৎ প্ৰতিবাদী ৰেলী উলিয়াই অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে। হাতে হাতে প্লেকাৰ্ড, বেনাৰ আৰু বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে বজাৰ চৌহদ কঁপাই তোলে। ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি বিজু তামুলীৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি বিজেপি চৰকাৰৰ নীতিৰ তীব্ৰ সমালোচনা কৰে। কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱাও উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ