গুৱাহাটী মহানগৰীত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত, আহত এজন
গুৱাহাটী, ২৪ মে’ (হি.স.)। গুৱাহাটী মহানগৰীত মাজ নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে গৈ থকাৰ সময়তে উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত এজন যুৱক । নিহত যুৱকজনৰ নাম ঋতুৰাজ কলিতা বুলি জানিব পৰা গৈছে ।

অঞ্চলটোত ৰৈ থকা এখন বাহনত যুৱক দুজন উঠি যোৱা তীব্ৰ বেগী বাইক খনে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি যানবাহন আৰক্ষী সংবাদ মাধ্যমক অবগত কৰে । বাইক আৰোহী আনজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ

 rajesh pande