শিৱসাগৰৰ হাঁহচৰাৰ চাংমাই গাঁৱত ৰেলৰ খুন্দাত নিহত এজন
শিৱসাগৰ, ২৪ মে (হি.স.)। শিৱসাগৰৰ হাঁহচৰাৰ চাংমাই গাঁৱত অঘটন৷ ৰে’লৰ খুন্দাত থিতাতে নিহত এজন৷ ডিব্ৰুগড় অভিমুখে গৈ থকা নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হাঁহচৰা চাংমাই গাঁৱৰ অৰুণ গগৈৰ৷ হাঁহচৰা চাংমাই গাঁৱৰ অৰুণ গগৈৰ বাসগৃহৰ সন্মুখতে উক্ত দূৰ্ঘ
শিৱসাগৰৰ হাঁহচৰাৰ চাংমাই গাঁৱত ৰেলৰ খুন্দাত নিহত এজন


শিৱসাগৰ, ২৪ মে (হি.স.)। শিৱসাগৰৰ হাঁহচৰাৰ চাংমাই গাঁৱত অঘটন৷ ৰে’লৰ খুন্দাত থিতাতে নিহত এজন৷ ডিব্ৰুগড় অভিমুখে গৈ থকা নাগালেণ্ড এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হাঁহচৰা চাংমাই গাঁৱৰ অৰুণ গগৈৰ৷ হাঁহচৰা চাংমাই গাঁৱৰ অৰুণ গগৈৰ বাসগৃহৰ সন্মুখতে উক্ত দূৰ্ঘটনা সংঘটিত হয়৷

নিহত অৰুণ গগৈৰ বয়স প্ৰায় ৫৬বছৰ৷ ঘটনাস্থলীত উপস্থিত চেৰেকাপাৰ আৰক্ষী চকীৰ আৰক্ষী আৰু শেহতীয়াকৈ হলেও শিমলুগুৰিৰ পৰা ৰে’ল আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হই তদন্ত আৰম্ভ কৰে ৷ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৰেল আৰক্ষীয়ে৷ উক্ত দুৰ্ঘটনাৰ সৈতে জড়িত ৰেলখনে ডিব্ৰুগড়ৰ পৰা উভতি অহাৰ সময়ত ১০০ মিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সম্পূৰ্ণ ১ মিনিট সময় লোৱাৰ দৃশ্য কেমেৰাত বন্দী হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande