শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিদেৰ্শনা
শিৱসাগৰ, ২৪ মে (হি.স.)। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল্-জোহা।অহা ২৮ মে'' তাৰিখে ঈদ পালন কৰিব সমগ্ৰ বিশ্বই।শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিদেৰ্শনা। ঈদৰ কোৰবানিক লৈ গুৰুত্বপ
শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিদেৰ্শনা


শিৱসাগৰ, ২৪ মে (হি.স.)। সমাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল্-জোহা।অহা ২৮ মে' তাৰিখে ঈদ পালন কৰিব সমগ্ৰ বিশ্বই।শিৱসাগৰ জিলা প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি নিদেৰ্শনা। ঈদৰ কোৰবানিক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাচিমীৰ।ঈদত কোৰবানি কিয় দিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে সেই সন্দৰ্ভত বিস্তৃতভাৱে ৰাইজক অৱগত কৰিছে শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰ অধ্যক্ষ আতিকুৰ ৰহমান কাচিমীয়ে।ঈদত ব্যৱহাৰ কৰা পশুধন সমূহৰ অৱশিষ্ট অংশসমূহ য'ত ত'তে নেপেলাবলৈ আহ্বান অধ্যক্ষ গৰাকীৰ।নগৰ অঞ্চলত নিৰ্দিষ্ট বাহনেৰে পেলনীয়া অংশসমূহ উঠাই লৈ যাব বুলি প্ৰশাসনৰ সৈতে অনুষ্ঠিত বৈঠকত শিৱসাগৰ পৌৰসভাই ইতিমধ্যে মছজিদ কমিটি সমূহক অৱগত কৰিছে।গাঁও অঞ্চলত পশুধন সমূহৰ পেলনীয়া অংশসমূহ কুকুৰ, মেকুৰীয়ে পাই ৰাজহুৱা স্থানলৈ আনিব নোৱাৰাকৈ দ' গাঁতত পুতি পেলাবলৈ আহ্বান অধ্যক্ষ গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande