
নতুন দিল্লী, ২৪ মে’ (হি.স.)। নতুন দিল্লী পৌৰ পৰিষদৰ উপাধ্যক্ষ কুলজীত সিং চাহালে ‘মাতৃৰ নামত এজোপা গছ’ অভিযানৰ অধীনত আয়োজিত গছপুলি ৰোপণ অভিযানত ভাষণ দি কয় যে এয়া কেৱল পৰিৱেশ সুৰক্ষাৰ অভিযান নহয় বৰঞ্চ আৱেগিক আৰু সামাজিক দায়বদ্ধতাৰ শিপাই থকা এক ৰাজহুৱা আন্দোলন। গছ ৰোপণ কৰাটো ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত ভৱিষ্যতৰ ভেটি স্থাপন কৰাৰ দৰেই আৰু ই প্ৰকৃতি মাতৃ আৰু পৰিৱেশৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশৰ এক মাধ্যমো।
এন ডি এম চিৰ ভাইচ চেয়াৰমেন চহলৰ নেতৃত্বত দেওবাৰে যোৰবাগৰ এন ডি এম চিৰ গৃহ নিৰ্মাণ কমপ্লেক্স ‘অমৃত কাল নিৱাস’ত ‘মাতৃৰ নামত এজোপা গছ’ অভিযানৰ অধীনত গছপুলি ৰোপণ অভিযান। স্থানীয় বাসিন্দা, আৰ ডব্লিউ এৰ সদস্য, বিষয়া, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি মাতৃৰ নামত গছপুলি ৰোপণ কৰে। চহলে কয় যে এন ডি এম চিয়ে একেৰাহে ২৫ সপ্তাহ ধৰি এটাও দেওবাৰৰ বিৰতি নোহোৱাকৈ এই অভিযান অব্যাহত ৰাখিছে।
তেওঁ কয় যে সাপ্তাহিক অনুষ্ঠানৰ উপৰিও এনডিএমচিয়ে বিভিন্ন বিশ্ববিদ্যালয়, দূতাবাস, আৰু অন্যান্য প্ৰতিষ্ঠানৰ সহযোগত বৃক্ষৰোপণ অভিযানৰ আয়োজন কৰিছে। তেওঁ কয় যে জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে নতুন দিল্লীক সেউজীয়া, পৰিষ্কাৰ, আৰু পৰিৱেশ অনুকূল কৰি তোলা হৈছে। চাহালে কয় যে এন ডি এম চিয়ে বছৰজোৰা সেউজ কেলেণ্ডাৰ প্ৰস্তুত কৰিছে, যাৰ অধীনত প্ৰতি দেওবাৰে নতুন দিল্লীৰ বিভিন্ন অঞ্চলত বৃক্ষৰোপণৰ কাৰ্যসূচী আয়োজন কৰা হ’ব। উদ্যান, স্বাস্থ্য, অসামৰিক, অনাময়, পথ, পানী যোগান, নিষ্কাশন, আৰু বিদ্যুৎ বিভাগে যৌথভাৱে ৰোপণ কৰা গছবোৰৰ যত্ন নিশ্চিত কৰিব। তেওঁ কয় যে অহা ৫ জুনত বিশ্ব পৰিবেশ দিৱস উপলক্ষে এন ডি এম চিৰ উদ্যোগত বিশেষ বৃক্ষৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া