তামুলপুৰত সজীৱ মৰ্টাৰ চেল উদ্ধাৰ
তামুলপুৰ, ২৪ মে’ (হি.স.)। তামুলপুৰত আজি উদ্ধাৰ কৰা হয় সজীৱ মৰ্টাৰ চেল । ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষী থানাত খবৰ দিয়ে। পিছত আৰক্ষী আৰু অঞ্চলটোত থকা এছএছবি শিবিৰত খবৰ দিয়াত বাহিনীটোৰ বোমা বিশেষজ্ঞৰ এটা দল, সেনা আৰু আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় মৰ্
তামুলপুৰত সজীৱ মৰ্টাৰ চেল উদ্ধাৰ


তামুলপুৰ, ২৪ মে’ (হি.স.)। তামুলপুৰত আজি উদ্ধাৰ কৰা হয় সজীৱ মৰ্টাৰ চেল । ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষী থানাত খবৰ দিয়ে। পিছত আৰক্ষী আৰু অঞ্চলটোত থকা এছএছবি শিবিৰত খবৰ দিয়াত বাহিনীটোৰ বোমা বিশেষজ্ঞৰ এটা দল, সেনা আৰু আৰক্ষীৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় মৰ্টাৰ চেলটো সুৰক্ষিত ভাবে নিজৰ জিম্মাত লয় ।

মৰ্টাৰৰ চেলটো দিলাইশ্ৰী বজাৰ অঞ্চলত উদ্ধাৰ কৰা হৈছে । মৰ্টাৰৰ চেলটো প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত তীব্ৰ আতংক বিৰাজ কৰিছিল । কোনে কি উদ্দেশ্যে মৰ্টাৰ চেলটো উক্ত অঞ্চলত ৰাখিছিল এই বিষয়ে আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande