জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান
কামৰূপ, ২৪ মে (হি.স.)। কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক তথা বৈদ্যুতিক সংবাদ মাধ্য়ম প্ৰতিদিন টাইমৰ আমিনগাৱৰ প্ৰাক্তন সংবাদদাতা দিলীপ দাসৰ দেহাৱসান । আজি পুৱা ৫.৩০ বজাত আমিনগাঁও কালিবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে জেষ্ঠ সাংবাদিক গৰাকীয়ে । মৃত্
জেষ্ঠ সাংবাদিক দিলীপ দাসৰ দেহাৱসান


কামৰূপ, ২৪ মে (হি.স.)। কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক তথা বৈদ্যুতিক সংবাদ মাধ্য়ম প্ৰতিদিন টাইমৰ আমিনগাৱৰ প্ৰাক্তন সংবাদদাতা দিলীপ দাসৰ দেহাৱসান । আজি পুৱা ৫.৩০ বজাত আমিনগাঁও কালিবাৰীস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে জেষ্ঠ সাংবাদিক গৰাকীয়ে । মৃত্যুৰ সময়ত সাংবাদিক গৰাকীৰ বয়স আছিল ৬৪ বছৰ। দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল সাংবাদিক গৰাকী।

১৯৬২ চনত বাইহাটা চাৰিআলিৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্ম হৈছিল সাংবাদিক দিলীপ দাসৰ । আমিনগাঁও সাহিত্য সভা, আমিনগাঁও প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতিৰ লগতে আমিনগাওঁ শৰাইঘাট নাট্যগোষ্ঠীৰ সৈতে জড়িত হৈ বহু কেইখন নাটকত অভিনয় কৰিছিল সাংবাদিক গৰাকীয়ে । এগৰাকি সু-অভিনেতা, লেখক আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত বাদ্যযন্ত্ৰ শিল্পী হিচাপেও পৰিচয় আছিল সাংবাদিক গৰাকীৰ ।

ইয়াৰ উপৰিও উত্তৰ গুৱাহাটী তথা আমিনগাঁও অঞ্চলৰ বহু সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল দিলীপ দাস ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande