
ধুবুৰী, ২৪ মে (হি.স.)। গোলকগঞ্জৰ গংগাধৰ নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ লগে লগে আৰম্ভ হৈছে ধ্বংসলীলা। দুশ্চিন্তাত দিনে নিশা পাৰ কৰিছে গোলকগঞ্জৰ পুৱ গাইখোৱাৰ ৰাইজ। পুৱ গাইখোৱাত কালৰূপ ধাৰন কৰিছে গংগাধৰ নৈৰ গৰাখহনীয়াই। নৈত জাঁহ গৈছে শ শ বিঘা কৃষি ভূমি। কাণসাৰ নাই জনপ্ৰতিনিধি তথা আমোলা বিষয়াৰ। চপৰা চপৰিকৈ খহাই নিছে গংগাধৰ নৈয়ে, যাৰ ফলত আতঙ্কত নিদ্ৰাহৰণ হৈছে গাঁৱবাসীৰ।
গংগাধৰ নৈৰ গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে গোলকগঞ্জৰ শৌলমাৰী সংযোগী লোক নিৰ্মাণ বিভাগৰ একমাত্ৰ পথচোৱা। যোৱা বছৰ জল সম্পদ বিভাগে চিমেণ্টৰ পাৰ্কুপাইন আৰু বাঁহ পুতি গংগাধৰ নৈৰ গৰাখহনীয়া ৰোধৰ বাবে সামান্য ব্যৱস্থা কৰিছিল। কিন্তু গংগাধৰ নৈৰ গৰাখহনীয়া চলিয়ে থাকিল। সেয়ে বিজ্ঞান সন্মতভাৱে খহনীয়া ৰোধৰ বাবে আহ্বান জনাইছে গাওঁবাসীয়ে।.জানিব পৰা মতে শ শ পৰিয়াল ইতিমধ্যে গৃহহাৰা হোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষি ভূমি গংগাধৰ নৈত বিলীন হৈছে।
অভিযোগ অনুসৰি ইয়াৰ পূৰ্বে পাৰ্কুপাইনৰ বাবে চৰকাৰে কেইবা লক্ষাধিক টকাৰ আবণ্টন দিছিল যদিও দালাল চক্ৰৰ আৰু আমোলা বিষয়াৰ ময়মতালিৰ ফলত কাম সম্পূৰ্ণ নোহোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ