

গুৱাহাটী, ২৪ মে (হি.স.)। প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে ডিমৰীয়াত গণ সমাৱেশ। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতি আৰু স্থানীয় ৰাইজৰ উদ্যোগত উক্ত গণ সমাৱেশৰ আয়োজন। সমাবেশত উপস্থিত হৈছে সহস্ৰাধিক স্থানীয় ৰাইজ। ডিমৰীয়াত প্ৰদূষণযুক্ত উদ্যোগ স্থাপনৰ তীব্ৰ বিৰোধিতা স্থানীয় বাসিন্দাৰ।
দুৰুং ঔজাৰীৰ উপৰিও ডিমৰীয়াত হকে-বিহকে গঢ়ি উঠা চিমেণ্ট কোম্পানীৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদী কাৰ্যসূচী। দুৰুং ঔজাৰী ভূমি সুৰক্ষা সমিতিৰ সভাপতি বিপ্লৱ সৰকাৰ,সম্পাদক জগদীশ সৰকাৰ, ডিমৰীয়া ৰজা হলিচিং ৰংহাঙৰ অংশগ্ৰহণ।
বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ চিমেণ্ট উদ্যোগ গঢ়ি উঠাত কৃষি উৎপাদন হ্ৰাস হোৱাৰ লগতে জনস্বাস্থ্যৰ প্ৰতিও ভাবুকি নামি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলত কৃষিজীৱী ৰাইজৰ মাজত সৃষ্টি হৈছে চৰম অচলাৱস্থাৰ। একাংশ দালাল শ্ৰেণীৰ লোকে বনিয়াক শ্ৰেণীবিভাজন নকৰাকৈ ভূমি চমজাই দিয়াৰ অভিযোগ প্ৰতিবাদী ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / Narayan Kar