
নতুন দিল্লী, ২৪ মে’ (হি.স.)। দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ তৰণজিৎ সিং সিন্ধুৱে ভাৰতীয় এথলেটিকছৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি পঞ্জাৱৰ স্প্ৰিণ্টাৰ গুৰিন্দৰ বীৰ সিঙক উল্লেখযোগ্য ১০.০৯ ছেকেণ্ড দৌৰি ইতিহাস সৃষ্টি কৰাৰ বাবে অভিনন্দন জনায়।
ছ’চিয়েল মিডিয়া একাউণ্টত লেফটেনেণ্ট গৱৰ্ণৰগৰাকীয়ে এক পোষ্টত কয় যে গুৰিন্দৰ বীৰ সিঙে উল্লেখযোগ্য ১০.০৯ ছেকেণ্ডত দেশৰ সৰ্বাধিক দ্ৰুত স্প্ৰিণ্টাৰ হিচাপে পৰিগণিত হোৱাটো এক উল্লেখযোগ্য কৃতিত্ব যিয়ে সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈক অনুপ্ৰাণিত কৰিব। মনোযোগ, অনুশাসন আৰু অটল সমৰ্পণে কেনেকৈ মহানতাৰ পথ প্ৰশস্ত কৰে তাৰ এক উজ্জ্বল উদাহৰণ তেওঁৰ এই যাত্ৰা।
লেফটেনেণ্ট গৱৰ্ণৰে কয় যে গুৰিন্দৰ বীৰ সিঙে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন উচ্চতাত উপনীত হ’ব, পদক লাভ কৰি যাব, আৰু আৰু বহু অভিলেখ ভংগকাৰী প্ৰদৰ্শনেৰে ভাৰতক গৌৰৱান্বিত কৰিব।
উল্লেখযোগ্য যে ৰাঞ্চিত অনুষ্ঠিত ফেডাৰেচন কাপ এথলেটিকছ চেম্পিয়নশ্বিপত গুৰিন্দৰ বীৰ সিঙে দুদিনত দুবাৰকৈ পুৰুষৰ ১০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। শুকুৰবাৰে ১০.১০ ছেকেণ্ডৰ অভিলেখ ভংগ কৰাৰ পাছত শনিবাৰে গুৰিন্দৰ বীৰে ১০.০৯ ছেকেণ্ডৰ সুন্দৰ দৌৰেৰে ইতিহাস ৰচনা কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া