চাপৰ কাজিপাৰা গাঁৱৰ সমাজ আৰু মছজিদ কমিটিৰ সিদ্ধান্ত, নিদিয়ে গৰু ম’হৰ কুৰবানি
ধুবুৰী, ২৪ মে (হি.স.)। পবিত্ৰ ঈদ উজ জোহাক কেন্দ্ৰ কৰি নামনি অসমৰ এখন সৰ্ববৃহৎ সমাজ ধুবুৰী জিলাৰ চাপৰ কাজিপাৰা গাঁৱৰ সমাজ আৰু মছজিদ কমিটিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমাজৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত গৰু আৰু মহ কোৰৱানীৰ পৰিৱৰ্ত
চাপৰ কাজিপাৰা গাঁৱৰ সমাজ আৰু মছজিদ কমিটিৰ সিদ্ধান্ত, নিদিয়ে গৰু ম’হৰ কুৰবানি


ধুবুৰী, ২৪ মে (হি.স.)। পবিত্ৰ ঈদ উজ জোহাক কেন্দ্ৰ কৰি নামনি অসমৰ এখন সৰ্ববৃহৎ সমাজ ধুবুৰী জিলাৰ চাপৰ কাজিপাৰা গাঁৱৰ সমাজ আৰু মছজিদ কমিটিয়ে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমাজৰ শান্তি-সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত গৰু আৰু মহ কোৰৱানীৰ পৰিৱৰ্তে আন বৈধ জীৱ-জন্তু কোৰৱানী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি অনুষ্ঠিত কাজিপাৰা সমাজ কমিটিৰ এখন কাৰ্যনিবাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি সমাজ কমিটিৰ ইমাম আৰু সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে। তেওঁলোকে কয় যে অঞ্চলটোৰ সাম্প্ৰদায়িক সম্প্ৰীতি আৰু পাৰস্পৰিক সৌহাৰ্দ্য বজাই ৰাখিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে কাজিপাৰা সমাজত ৪৫০ ঘৰ লোক একেলগে বসবাস কৰি আছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande