চাপৰত আৰক্ষী অভিযানত ১৬টা চোৰাং গৰু, ২২বস্তা বগা চাউল জব্দ
ধুবুৰী, ২৪মে (হি.স.)। এক্সন মুডত চাপৰৰ শালকোছা আৰক্ষী। চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে এক্সন মুডত শালকছো আৰক্ষী। নৱ নিযুক্ত শালকোছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই আৰম্ভ কৰিলে এক্সন। একেদিনাই দুটাকৈ সফল অভিযান চলালে শালকোছ
চাপৰত আৰক্ষী অভিযানত ১৬টা চোৰাং গৰু, ২২বস্তা বগা চাউল জব্দ


ধুবুৰী, ২৪মে (হি.স.)। এক্সন মুডত চাপৰৰ শালকোছা আৰক্ষী। চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে এক্সন মুডত শালকছো আৰক্ষী। নৱ নিযুক্ত শালকোছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কংকন বৰাই দায়িত্ব গ্ৰহণ কৰিয়েই আৰম্ভ কৰিলে এক্সন। একেদিনাই দুটাকৈ সফল অভিযান চলালে শালকোছা আৰক্ষীয়ে।

পুৱা চাপৰৰ শালকোছা আৰক্ষীৰ অন্তৰ্গত চান্দৰডিঙা আৰু দুধনাথ স্থিত ব্ৰহ্মপুত্ৰ নদীৰে গৰু আৰু বগা চাউল সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিল চোৰাং সৰবৰাহকাৰীয়ে। ঘটনাৰ উমান পাই তাৎক্ষণিক ভাৱে শালকোছা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় ১৬টাকৈ চোৰাং গৰুৰ লগতে ২২বস্তাকৈ বগা চাউল। কিন্তু ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি পলাই যাবলৈ সক্ষম হয় সৰবৰাহকাৰী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande