
নগাঁও, ২৩ মে’ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ চুলুঙত যোৱা কালি শুকুৰবাৰে নিশা অবৈধ সুৰা ভৰ্তী বাহন এখন জব্দ কৰা হয় । এক গোপন খৱৰৰ ভিত্তিত কলিয়াবৰ চুলুং তহলদাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৃত প্ৰিতম দাসৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে অবৈধ সুৰা ভৰ্তি বাহন খন।
উল্লেখ্য় যে এএছ ১২ চিচি ৩১১২ নম্বৰৰ এখন চব্জি ভৰ্তি বলেৰ' পিক আপ বাহনত কেচা চব্জিৰ তলত লুকুৱাই অনা হৈছিল অবৈধ সুৰা খিনি । জব্দ কৰা বাহন খনৰ পৰা উদ্ধাৰ হৈছে ৫৮ টাকৈ কাৰ্টনত অৰুণাচলী টুবৰ্গ (Tuborg) কেন বিয়েৰ। আনহাতে আটক কৰা হৈছে অবৈধ সুৰা সৰবৰাহকাৰী দুজনকৈ লোকক। লোক দুজন শোণিতপুৰ চাৰিদুৱাৰ দলং বস্তিৰ বিপ্লৱ বৰুৱা আৰু চামগুৰি শিঙিয়া কেকুৰাচুক গাঁৱৰ ৰঞ্জন বৰা বুলি পৰিচয় পোৱা গৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ