
কামৰূপ, ২৩ মে’ (হি.স.): হাজোৰ দমদমাত যোৱা কালি শুকুৰাবাৰে সন্ধিয়া চোৰাং গৰু সৰবৰাহৰ সন্দেহত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।চোৰাং গৰু গাড়ী সন্দেহত গাড়ী ভাঙি চালকক উত্তম মাধ্যম সোধায় তিনি যুৱকে ।
গাড়ী চালকক উত্তম মাধ্যম সোধাই পলায়ন কৰে তিনি যুৱকে । জানিব পৰামতে, বৰপেটা কুকা বজাৰৰ পৰা গৰু কিনি গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অধীনৰ গাড়ীগাঁও অভিমুখে গৈ থকা অৱস্থাতে দমদমা চকত তিনি যুৱকে আগভেটি ধৰি গাড়ী চালকক মাৰপিট কৰাৰ লগতে গাড়ী ভাঙি লণ্ডভণ্ড কৰে । ঘটনা স্থলীত হাজো আৰক্ষী উপস্থিত হৈ গৰু গাড়ী সহ গাড়ী চালকক উদ্ধাৰ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ