
গোলাঘাট, ২৩ মে’ (হি.স.): গোলাঘাটৰ সৰুপথাৰ সমজিলাৰ বৰপথাৰত উদ্ধাৰ কৰা হৈছে এটি অচিনাক্ত মৃতদেহ । যোৱা কালি শুকুৰবাৰে বিয়লি উদ্ধাৰ কৰা হয় অচিনাক্ত মৃতদেহটো । বৰপথাৰ পৌৰসভাৰ নিৰ্মিয়মান পাৰ্কৰ নলাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো ।
ইফালে এতিয়ালৈ চিনাক্ত হোৱা নাই মৃতদেহটো । লগতে অচিনাক্ত লোকজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰাৰ ব্য়ৱস্থা কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ