
নতুন দিল্লী, ২৩ মে’ (হি.স.)। আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী তুলসী গাবাৰ্ডে পদৰ পৰা পদত্যাগ কৰিছে। দ্বিতীয় কাৰ্যকালত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাবাৰ্ডক আমেৰিকাৰ ১৮টা চোৰাংচোৱা সংস্থাৰ তদাৰক কৰা নেশ্যনেল ইনটেলিজেন্স এজেন্সীৰ সঞ্চালক হিচাপে নিযুক্তি দিয়ে।
ৰাষ্ট্ৰপতি ট্ৰাম্পে গাবাৰ্ডৰ পদত্যাগ গ্ৰহণ কৰি তেওঁৰ সহকাৰী উপ-সঞ্চালক এৰন লুকাছক ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি দিছে। ৩০ জুনত অৱসৰ ল’ব তুলসীয়ে। ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ লিখা পদত্যাগ পত্ৰত তুলসীয়ে স্বামী আব্ৰাহামৰ অসুস্থতাৰ কথা উল্লেখ কৰিছে। তেওঁ লিখিছে যে তেওঁৰ স্বামী হাড়ৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে আৰু তেওঁৰ যত্ন ল’বলৈ তেওঁক সময়ৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি ট্ৰাম্পে ছ’চিয়েল মিডিয়াত তুলসীৰ কাৰ্যকালৰ প্ৰশংসা কৰি কয় যে তেওঁক মিছ কৰা হ’ব। পদত্যাগ পত্ৰত তুলসীয়ে ইৰাণ যুদ্ধ বা অন্যান্য বিষয়ত ট্ৰাম্প প্ৰশাসনৰ নীতিৰ সৈতে কোনো ধৰণৰ মতানৈক্যৰ কথা উল্লেখ কৰা নাই। কিন্তু ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ ইৰাণৰ বিৰুদ্ধে যুদ্ধৰ বিৰোধিতা হোৱাটো ৰাজনৈতিক মহলত সাধাৰণ আলোচনা আছিল। যোৱা কেইমাহমানৰ ভিতৰত ট্ৰাম্প প্ৰশাসনৰ কেইবাজনো মন্ত্ৰী আৰু বিষয়াই পদত্যাগ কৰিছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ