
ডিব্ৰুগড়, ২৩ মে’ (হি.স.): ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাং মইনা গাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি নাহৰফুটুকীৰ আক্ৰমণত তিনিজনকৈ লোক আহত হয় । আহত লোককেইজন ক্ৰমে ভূপেন ফুকন, বগাধৰ গোহাঁই আৰু অৰুণজ্যোতি বৰুৱা বুলি পৰিচয় পোৱা গৈছে । এই ঘটনাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
জানিব পৰামতে, এজনী ছাগলী এটা প্ৰকাণ্ড নাহৰফুটুকীয়ে আক্ৰমণ কৰি থকাৰ সময়ত ভূপেন ফুকন নামৰ ব্যক্তিজনে নাহৰফুটুকীটোৰ পৰা ছাগলীজনী ৰক্ষা কৰিবলৈ যাওতে প্ৰথমে ভূপেন ফুকনক আক্ৰমণ কৰে । পিছত ভূপেন ফুকনক বচাবলৈ যাওতে আন দুজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে । আহত তিনিওকে তিলৈৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও জখম অতি গুৰুতৰ হোৱাত তিনিও জনকে ডিব্ৰুগড় এএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ