
তামুলপুৰ, ২৩ মে’ (হি.স.)। তামুলপুৰ জিলাৰ ভাৰত - ভূটান সীমান্তত পুনৰ বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা তামুলপুৰৰ কাউলীৰ পূব চন্দ্ৰনগৰত অকলশৰীয়া বন্য হস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৰিজয় দে নামৰ ২৭ বছৰীয়া যুৱকজনে ।
অঞ্চলটোৰ কেইবাটাও পৰিয়াল গৃহ তছনচ কৰিলে হাতীটোৱে । তামোলৰ ব্যৱসায় কৰা যুৱক জনে নিজা ব্যৱসায় সূত্ৰে গাওঁখনত যাওঁতেই ঘটিল অঘটন ৷ হঠাৎ বাটত হাতীৰ মুখামুখি হোৱাত বন্যহস্তীটোৱে আক্ৰমণ কৰি থিতাতে নিহত কৰে দুৰ্ভগীয়া যুৱকজনক। ইপিনে, বন্য হস্তীয়ে কেইবাটাও পৰিয়াল গৃহ ভাঙি পেলোৱাৰ পিছত দেখা গৈছে হাঁহাকাৰ ময় পৰিৱেশ সৃষ্টি হৈছে । বৰষুণৰ মাজতে ভগা ছিগা ঘৰতে আশ্ৰয় পৰিয়ালৰ লোক সকলৰ ৷ প্ৰতিকূল বতৰত আৰ্তনাদ কণমানি সহ গৃহস্থৰ । ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু কুমাৰীকাটা আৰক্ষীৰ দল
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু