
গুৱাহাটী, ২৩ মে’ (হি.স.) : কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা এআইসীসীৰ সাধাৰণ সম্পাদক আৰু ৰাজ্যসভাৰ সাংসদ ৰণদীপ সিং সূৰুজৱালা আজি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত হাজিৰ হ’ব বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, তদন্তকাৰীয়ে জেৰা চলোৱাৰ সময়ত কংগ্ৰেছ নেতা পৱন খেড়াই সূৰ্যেৱালাৰ নাম উল্লেখ কৰাৰ পিছতেই ক্ৰাইম ব্ৰাঞ্চই তেওঁক তলব কৰা বুলি সূত্ৰে প্ৰকাশ কৰিছে ।
অসম বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক কেন্দ্ৰ কৰি উত্থাপিত বিতৰ্কিত অভিযোগৰ তদন্তৰ সৈতে এই গোচৰ জড়িত বুলি জানিব পৰা গৈছে।-
--------------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ