
লখিমপুৰ, ২৩ মে’ (হি.স.): লখিমপুৰ জিলাৰ বঙালমৰাত ভয়ংকৰ চুৰি কাণ্ডৰ ঘটনা সংঘটিত হৈছে । দোকানৰ কৰ্মচাৰীয়ে ল'লে ভক্ষকৰ ৰূপ । বঙালমৰাৰ বিএম হাৰ্ডৱেৰ এণ্ড মেচিনেৰী (BM HARDWARE & MACHINARY) নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনত এই চুৰি কাণ্ড সংঘটিত হৈছে । ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আশ্বিকুৰ ইছলামৰ নেতৃত্বত তিনিজনীয়া চোৰৰ দলে চলালে চাফাই অভিযান।
ইফালে চুৰি কাণ্ডৰ সমগ্ৰ দৃশ্য চিচিটিভিত ধৰা পৰাৰ পিছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে । ইতিমধ্যে বঙালমৰা আৰক্ষীয়ে চুৰি কাণ্ডৰে জড়িত মূল অভিযুক্ত দোকানৰ কৰ্মচাৰী আশ্বিকুৰ ইছলামৰ সৈতে গ্ৰেপ্তাৰ কৰিছে মিনাজুল হক নামৰ আন এজনক । বঙালমৰা আৰক্ষীয়ে চুৰি সামগ্ৰী সমূহ ইতিমধ্য়ে যোৱা কালি সন্ধিয়া উদ্ধাৰ কৰিছে থানাৰ নিচেই কাষতে লুকুৱাই ৰখা এটা খেৰৰ ঘৰৰ পৰা । চুৰি কাৰ্যৰে জড়িত আন এটা অভিযুক্ত আলাল উদ্দিন এতিয়াও পলাতক হৈ আছে । গভাইত চোৰ আলাল উদ্দিনৰ সন্ধানত বঙালমৰা আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান । আনহাতে আৰক্ষীৰ আগত ধৃত চোৰ আশ্বিকুৰ ইছলাম আৰু মিনাজুল হকে চুৰি কাণ্ডৰ সমগ্ৰ ঘটনা স্বীকাৰ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ