
কোকৰাঝাৰ, ২৩ মে (হি.স.)। পুনৰ পেট্ৰ'ল ডিজেলৰ দাম বৃদ্ধিত হোৱাত আতংকৰ সৃষ্টি সৰ্বসাধাৰণ ৰাইজৰ মাজত। বিগত ১০ টাকৈ দিনত তিনিবাৰকৈ বৃদ্ধি পালে পেট্ৰ'ল ডিজেলৰ দাম। আজি পুৱাৰে পৰা পৰ্বতঝোৰা মণিপুৰ পেট্ৰ'ল পাম্পত প্ৰতি লিটাৰ পেট্ৰ’ল ০.৯০ আৰু ডিজেলত ০.৯৬ পইচাকৈ বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে চৰকাৰক সকলো অত্য়াৱশ্য়কীয় সামগ্ৰীৰ মুল্য়বৃদ্ধি
হ্ৰাস কৰিবলৈ দাবী জনাইছে। লক্ষনীয় যে মধ্য প্ৰাচ্য়ৰ দেশ ইৰাণক মাৰ্কিন যুক্তৰাষ্ট্ৰ,ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত ভাৰতলৈ খাৰুৱা তেলৰ আহযাহ হোৱা হৰমুজ প্ৰণালী বন্ধ হৈ কৰি দিছিলি । ফলত ভাৰতলৈ খাৰুৱা তেলৰ স্বাভাৱিক সৰবৰাহ বন্ধ হৈ পৰিছে। বৰ্তমান দেশত ইন্ধনৰ নাটনি দেখা দিছে।চাহিদা অনুপাতে যোগান নিশ্চিত নহোৱাত ইন্ধনৰ মুল্য়বৃদ্ধি হৈছে।
পেট্ৰ'ল ডিজেলৰ দাম বৃদ্ধিৰ হোৱাৰ লগে লগে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ ৰাইজৰ মাজত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু