মন্দিয়া সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা–ট্ৰাকৰ খুন্দাত নিহত মহিলা
মন্দিয়া সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা।
মন্দিয়া সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা–ট্ৰাকৰ খুন্দাত নিহত মহিলা


বৰপেটা, ২৩ মে’ (হি.স.): বৰপেটাৰ মন্দিয়া সংযোগী পথত যোৱা কালি শুকুৰবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু হয় জৰিনা খাতুন (৫০)নামৰ এগৰাকী মহিলাৰ । পথৰ কাষতেই কাম কৰি থকা অৱস্থাত তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিয়ে মহিলা গৰাকীক ।

উল্লেখ্য যে বহু দিন ধৰি পথৰ কাষতেই এটি জুপুৰীত সাজি একলে বাস কৰিছিল মহিলা গৰাকীয়ে । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে ট্ৰাক চালক গৰাকীয়ে । দুৰ্ঘটনা সংঘটিত কৰা বাহন খনৰ পঞ্জীয়ন নম্বৰ এএছ ২৮ এচি ০২১৫ বুলি কোৱা হৈছে। ইতিমধ্যে ঘটনাস্থলীত বৰপেটা সদৰ আৰক্ষীয়ে উপস্থিত হৈছে । মহিলা গৰাকীক সকলোৱে দান বৰঙণি দি সহায় -সহযোগিতা কৰি আহিছিল।দুৰ্ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়া স্থানীয় ৰাইজে মহিলা গৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande