ডুমডুমা বৰহাপজনত ভয়ংকৰ পথ দুৰ্ঘটনা
এজনৰ থিতাতে মৃত্যু ।
ডুমডুমা বৰহাপজনত ভয়ংকৰ পথ দুৰ্ঘটনা


তিনিচুকীয়া, ২৩ মে’ (হি.স.): তিনিচুকীয়া জিলাৰ ডুমডুমা বৰহাপজনত যোৱা কালি শুকুৰবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ডুমডুমাৰ বৰহাপজনৰ আমতলীত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। নিহত লোকজন বৰহাপজনৰ অজিত দেৱ বুলি জানিবলৈ পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বজাৰ কৰি ঘৰলৈ উভতি গৈ থকা সময়ত এএছ ২৩ বিচি ৮৭৭৬ নম্বৰৰ “আজিজ চুলতান” নামৰ এখন তীব্ৰবেগী আল্ট্ৰা বাছে লোকজনক খুন্দা মৰাত ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয় । প্ৰত্যক্ষদৰ্শীৰ অভিযোগ মতে, বাছখন অতি দ্ৰুতগতিত চলি আছিল আৰু চালকৰ গাফিলতিৰ বাবেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠন উত্তেজিত হৈ পৰে। তেওঁলোকে দোষী বাছ চালকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ, তীব্ৰ বেগত বাছ চলাচল বন্ধ আৰু মৃত লোকজনৰ ন্যায় বিচাৰি পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ফলত পথৰ দুয়োকাষে শ শ যানবাহন আবদ্ধ হৈ তীব্ৰ যানজটৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে দুৰ্ঘটনাত জড়িত বাছখনো ক্ষতিগ্ৰস্ত কৰে । ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande