দেওবাৰে দিল্লীৰ লালকিল্লাত সমবেত হ’ব দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় জনগোষ্ঠী
নতুন দিল্লী, ২৩ মে’(হি.স.)। দিল্লীৰ লালকিল্লাত দেওবাৰে এক বৃহৎ জনজাতীয় সাংস্কৃতিক সমাৱেশ আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বৃহৎ সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি, সামাজিক সংগঠন, পৰম্পৰাগত গোট আদিয়ে অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে। দেওবাৰে
जनजातीय समागम का पोस्टर


নতুন দিল্লী, ২৩ মে’(হি.স.)। দিল্লীৰ লালকিল্লাত দেওবাৰে এক বৃহৎ জনজাতীয় সাংস্কৃতিক সমাৱেশ আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা বৃহৎ সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধি, সামাজিক সংগঠন, পৰম্পৰাগত গোট আদিয়ে অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে। দেওবাৰে সন্ধিয়া এই অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইও উপস্থিত থকাৰ সম্ভাৱনা আছে।

জনজাতীয় সাংস্কৃতিক মণ্ডলীৰ আয়োজন কৰা জনজাতি সুৰক্ষা মঞ্চৰ মতে, জনজাতীয় সাংস্কৃতিক পৰিচয়, ঐক্য, আৰু সজাগতাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত জনজাতীয় ঐতিহ্য সংৰক্ষণ, সামাজিক অংশগ্ৰহণ, সাম্প্ৰতিক প্ৰত্যাহ্বান আদি বিষয়ৰ ওপৰতো আলোচনা কৰা হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande