
দৰং, ২৩ মে (হি.স.)। দলগাঁও শ্যামপুৰ পথত প্ৰকাণ্ড গাত। একাঠু পানীত যাতনা ভুগিছে ৰাইজে।
দৰং জিলাৰ দলগাঁৱৰ পৰা শ্যামপুৰ সংযোগী অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথটোৱে এতিয়া যমদুতৰ ৰূপ ধাৰণ কৰিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত মৰণফান্দত পৰিণত হোৱা এই পথটোৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ। বৰ্তমান এই গাতসমূহত একাঁঠু পৰ্যন্ত পানী জমা হৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা সন্মুখীন হ’বলগীয়া হৈছে।
ঢেকেৰীগাঁৱৰ মাজমজিয়াত কৃত্ৰিম বান। এই পথটোৰ অন্তৰ্গত ঢেকেৰীগাঁৱৰ মাজমজিয়াৰ অৱস্থা আটাইতকৈ শোচনীয় হৈ পৰিছে। এজাক বৰষুণ দিলেই ঢেকেৰীগাঁৱৰ মাজমজিয়াত একাঠু পানী জমা হৈ এক প্ৰকাৰ কৃত্ৰিম বানৰ সৃষ্টি হয়। পানীৰ তলত থকা ডাঙৰ ডাঙৰ গাতবোৰ নেদেখাৰ বাবে বাহন দুৰ্ঘটনাত পতিত হৈছে। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলক লৈ যাতায়াত কৰাৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে।
অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ স্বাৰ্থত অতি শীঘ্ৰে এই পথটো মেৰামতি কৰিবলৈ স্থানীয় সচেতন ৰাইজে স বিভাগ তথা প্ৰশাসনক দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু