ধুবুৰী চহৰৰ আই জি ৰোডত চোৰৰ চাফাই অভিযান
ধুবুৰী, ২৩ মে’ (হি.স.)। ধুবুৰী চহৰৰ আই জি ৰোডত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । আব্দুল হানিফ সেখ নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছে। চোৰে ২ লাখ ৪৫ হাজাৰ টকাৰ সোণ ৰূপৰ আ-অলংকাৰ সহ নগদ ধন চুৰি কৰি নিয়ে । এই সন্দৰ্ভত এগৰাকী মহিলাসহ পাঁচজনক আটক কৰে ধ
ধুবুৰী চহৰৰ আই জি ৰোডত চোৰৰ চাফাই অভিযান


ধুবুৰী, ২৩ মে’ (হি.স.)। ধুবুৰী চহৰৰ আই জি ৰোডত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । আব্দুল হানিফ সেখ নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড সংঘটিত হৈছে। চোৰে ২ লাখ ৪৫ হাজাৰ টকাৰ সোণ ৰূপৰ আ-অলংকাৰ সহ নগদ ধন চুৰি কৰি নিয়ে । এই সন্দৰ্ভত এগৰাকী মহিলাসহ পাঁচজনক আটক কৰে ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে।

নিশা চোৰ কেইজনক ঘৰত আশ্ৰয় দিয়াৰ গুৰুত্বৰ অভিযোগ উঠিছে মহিলা গৰাকীৰ বিৰুদ্ধে। মহিলা খাতুন নামৰ এগৰাকী মহিলাৰ লগতে আটকাধীন পুৰুষ কেইজন হৈছে জাহান উদ্দিন মোল্লাহ, মজমূল হুছেইন, হাজৰত আলী খান আৰু সমেৰ আলী সেখ। ধৃত চোৰ কেইজনৰ পৰা কিছু পৰিমাণে সোন ৰূপৰ আ-অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে।

নিশা আনুমানিক ৯ বজাত হানিফ আলীৰ ঘৰৰ খিৰিকী ভাঙি চোৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ আলমাৰী ভাঙি বিভিন্ন আ - অলংকাৰ চুৰ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে। ছাইফুল নামৰ ব্যক্তি এজনৰ নেতৃত্বত চুৰিকাণ্ড সংঘটিত হৈছে বুলি ভুক্তভুগী আব্দুল হানিফ সেখে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত ভুক্তভুগী আব্দুল হানিফ সেখে বজাৰ নগৰ আৰক্ষী চকীত এখন লিখিত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে ধুবুৰী বজাৰ নগৰ আৰক্ষীয়ে ছাইফুল নামৰ ব্যক্তিজনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande