সুদীৰ্ঘ ২০ বছৰ ধৰি জৰাজীৰ্ণ ধিঙৰ এটা বিশেষ গড়কাপ্তানি পথ
ধিঙৰ এটা বিশেষ গড়কাপ্তানি পথ।
সুদীৰ্ঘ ২০ বছৰ ধৰি জৰাজীৰ্ণ ধিঙৰ এটা বিশেষ গড়কাপ্তানি পথ


নগাঁও, ২৩ মে’ (হি.স.): নগাঁও জিলাৰ ধিঙৰ এটা বিশেষ গড়কাপ্তানি পথ দশক দশক ধৰি জৰাজীৰ্ণ হৈ আছে । এই পথটো হৈছে ধিং চাৰি আলিৰ পৰা মথাউৰি সংযোগী গড়কাপ্তানি পথ । এই পথটিৰ দৈৰ্ঘ্য ৩ কি:মি । ধিঙৰ ঔদ্যোগিক পামলৈ যোৱা এইটোৱেই একমাত্র পথ।

মন কৰিবলগীয়া যে অতি গুৰুত্বপূর্ণ এই পথটো বিগত ২০ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে । যাৰ বাবে স্থানীয় ৰাইজে জীয়াতু ভূগিব লগীয়া হৈছে । বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু চৰাঞ্চলৰ কৃষিজীৱি ৰাইজে যান বাহন চলাচলত খুবেই অসুবিধাৰ সন্মুখীন হৈছে । ইফালে কোনো এজন জন প্ৰতিনিধিয়েও এই পথটোক ৰহস্যজনক কাৰণত গুৰুত্ব প্রদান নকৰিলে । সেয়ে ৰাইজে ধিং সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ৰাস্তাটো পুনৰ নিৰ্মান কৰিবলৈ অনুৰোধ জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande