
চৰাইদেউ, ২৩ মে (হি.স.)। চৰাইদেউত আৰক্ষীৰ সফল অভিযান। চৰাইদেউ জিলাৰ অসম নাগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলাত ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে নামতোলা আৰক্ষীয়ে চলালে এই সফল অভিযান ।
আৰক্ষীৰ অভিযানত নিষিদ্ধড্ৰাগছসহ এগৰাকী মহিলা গ্ৰেপ্তাৰ। ধৃত মহিলা এগৰাকীৰ নাম মায়া তামাং। মহিলা গৰাকীৰ ঘৰ নামতোলা হাতী কেম্প টিলা লাইনত । নামতোলা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই মায়া তামাং বাসগৃহৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ খিনি। জব্দ কৰা নিষিদ্ধ ড্ৰাগছ খিনি হেৰ'ইন বুলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে মহিলা গৰাকীক জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ