
লক্ষিমপুৰ, ২৩ মে’ (হি.স.)। লক্ষিমপুৰৰ নাওবৈছাত সংঘটিত হৈছে এক ভয়ঙ্কৰ বাছ দুৰ্ঘটনা। লক্ষিমপুৰ জিলা দলোহাট তিনিআলিত সংঘটিত হৈছে এই ভয়ঙ্কৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । এই ঘটনাত প্ৰায় ৩০ জন যাত্ৰী সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে এআৰ ০১ ডব্লিউ ১১৪৪ নম্বৰৰ যাত্ৰা নামৰ নৈশ বাছ খন গুৱাহাটী পৰা মাজুলীলৈ আহি থকা অৱস্থাত পুৱতি নিশা চাৰিটামান বজাত দলোহাট তিনিআলিত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুণ্ডা মৰাৰ ফলত বাছখন পথৰ ওপৰতে বাগৰি পৰে। পাছত স্থানীয় লোকৰ সহযোগত কেইবাজনো যাত্ৰীক উদ্ধাৰ কৰে যদিও এজন লোকৰ থিতাতে মৃত্যু হয় । এই পৰ্য্যন্ত মৃত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু