গহপুৰ ভলুকাগুৰি পাৰঘাটত এছডিআৰএফ, এনডিআৰএফ আৰু ভাৰতীয় সেনাৰ মকড্ৰিল
গহপুৰ ভলুকাগুৰি পাৰঘাটত দেখা গ'ল SDRF_NDRF_ আৰু INDIAN ARMY ৰ বৃহৎ কাৰ্যসূচী।
গহপুৰ ভলুকাগুৰি পাৰঘাটত এছডিআৰএফ, এনডিআৰএফ আৰু ভাৰতীয় সেনাৰ মকড্ৰিল


বিশ্বনাথ, ২৩ মে (হি.স.)। গহপুৰ ভলুকাগুৰি পাৰঘাটত কালি সন্ধিয়া দেখা গ'ল এছডিআৰএফ(SDRF),এনডিআৰএফ(NDRF), আৰু ভাৰতীয় সেনা ৰ বৃহৎ কাৰ্যসূচী। আগন্তুক বাৰিষা আহিবলগীয়া যিকোনো প্ৰাকৃতিক দুৰ্যোগ যেনে বানপানী,ভূমিকম্প,বতাহ ধুমুহা আদিত ৰাইজ বিপদৰ সন্মুখীন হ'লে ৰাইজক তাৎক্ষণিক ভাৱে সহায় আগবঢ়াবলৈ তিনিটা বাহিনীৰ জোৱান সকলক প্ৰস্তত কৰি তুলিবলৈ এক মকড্ৰিল কাৰ্য্য়সূচীৰ আয়োজন কৰা হৈছে ।

বিপদ গ্ৰস্থ ৰাইজক উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰি তোলাৰ প্ৰস্ততি চলোৱা হৈছে বুলি এনডিআৰএফ বাহিনীৰ এক শীৰ্ষ বিষয়াই সংবাদ মাধ্য়মক অবগত কৰে ।

ৰাইজ যাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিপদত নপৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এওঁলোকে নদীৰ বুকুত উদ্ধাৰ অভিযানৰ আখৰা কৰা দেখা গৈছে । ইয়াৰ দ্বাৰা উদ্ধাৰ কাৰী দল সমূহে নিজকে সময় আৰু পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই আগবঢ়াবলৈ ম'ক ড্ৰিলৰ ব্যৱস্থা কৰা দেখা গৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande