(আপডেট) কলকাতাৰ পৰা আৰম্ভ মাৰ্কো ৰুবিঅ’ৰ ভাৰত ভ্ৰমণ, পত্নীৰ সৈতে মাদাৰ হাউচত উপস্থিত
কলকাতা, ২৩ মে’ (হি স)। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ শনিবাৰে পুৱা পত্নীৰ সৈতে কলকাতাত উপস্থিত হয় । নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত পোনে পোনে তালতালাৰ মাদাৰ (টেৰেছা) হাউচলৈ যায়। বিয়লি তেওঁ দিল্লীলৈ ৰা
पत्नी संग मार्को रूबियो


কলকাতা, ২৩ মে’ (হি স)। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ শনিবাৰে পুৱা পত্নীৰ সৈতে কলকাতাত উপস্থিত হয় । নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত পোনে পোনে তালতালাৰ মাদাৰ (টেৰেছা) হাউচলৈ যায়। বিয়লি তেওঁ দিল্লীলৈ ৰাওনা হ’ব, য’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব।

ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে এক্সত ৰুবিঅ’ কলকাতালৈ অহাৰ কথা সদৰি কৰে। তেওঁ কয় যে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বৈঠকৰ উপৰিও বাণিজ্য, প্ৰযুক্তি, প্ৰতিৰক্ষা, আৰু কোৱাডৰ দৰে বিষয়ত কেইবাটাও ৰাউণ্ড আলোচনা হ’ব।

পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু আমেৰিকা-ইৰাণৰ সংঘাতৰ মাজতে এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ভাৰতে ধাৰাবাহিকভাৱে আলোচনাৰ জৰিয়তে অঞ্চলটোত শান্তিৰ পোষকতা কৰি আহিছে। নতুন দিল্লীয়ে হৰমুজ জলদ্বীপৰ মাজেৰে মালবাহী জাহাজৰ বাধাহীন গতি নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

কলকাতালৈ যোৱাৰ পূৰ্বে মাৰ্কো ৰুবিঅ’ই কয় যে ভাৰত আমেৰিকাৰ “অতি ঘনিষ্ঠ বন্ধু” আৰু ভাৰতীয় মন্ত্ৰী আৰু কোৱাড দেশসমূহৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিবলৈ আগ্ৰহী।

ভাৰত ভ্ৰমণৰ অন্তিম দিন ২৬ মে’ত অনুষ্ঠিত হ’বলগীয়া কোৱাড বৈঠকতো অংশগ্ৰহণ কৰিব ৰুবিঅ’ই। এই বৈঠকত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, অষ্ট্ৰেলিয়াৰ বৈদেশিক মন্ত্ৰী পেনি ৱং আৰু জাপানৰ বৈদেশিক মন্ত্ৰী মোটেগী টোছিমিটছুও উপস্থিত থাকিব।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande