
মৰিগাঁও, ২৩ মে (হি.স.): মৰিগাঁৱৰ এজন লোক চেন্নাইৰ পৰা নিৰুদ্দেশ হোৱাৰ খৱৰ পোৱা গৈছে। চেন্নাইৰ ছেভ ৱে ড্ৰেজিং (Save Way Drezing) নামৰ এটা কোম্পানীত কাম কৰিবলৈ যোৱা মৰিগাঁৱৰ বাবুল পাতৰ নামৰ লোকজন নিৰুদ্দেশ হোৱা ঘটনা পোহৰলৈ আহিছে ।
মৰিগাঁও জিলাৰ খান্দাজানস্থিত দুৰ্ভগীয়া পৰিয়ালটোৱে জানিব দিয়া অনুসৰি ১৯ মে' নিশা চেন্নাইৰ পৰা ১৬১৭৫ নম্বৰৰ ৰে’লখনত নিশা প্ৰায় ৯.৩০ বজাত কাৰাইকাল নামৰ ঠাইখনলৈ গৈ থকা অৱস্থাতেই মাইৰা দুদুৰাই নামৰ জংচনটোৰ পৰা নিশা নিৰুদ্দেশ হয় ৫৪ বছৰীয়া বাবুল পাতৰ নামৰ লোকজন । দুৰ্ভগীয়া পৰিয়ালটোৱে লোক জনক উদ্ধাৰ কৰাৰ বাবে মৰিগাঁও সদৰ আৰক্ষী থানা আৰু জাগীৰোডৰ ৰে’ল আৰক্ষীৰ ওচৰত নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে নিৰুদ্দিষ্ট লোক জনৰ কোনো ধৰণৰ তথ্য লাভ কৰা নাই । ইতিমধ্যে নিৰুদ্দিষ্ট লোক জনক উদ্ধাৰৰ ক্ষেত্ৰত দুৰ্ভগীয়া।পৰিয়ালটোৱে জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে । আনহাতে যদি সদাশয় ব্যক্তিয়ে লোক জনক চিনি পালে ৬০২৬৮১৭২২৬ নম্বৰত দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ