দিল্লীত কংগ্ৰেছ নেতৃত্বক কেৰালাৰ মুখ্যমন্ত্ৰী ভি ডি সতীশনৰ সাক্ষাৎ
নতুন দিল্লী, ২৩ মে’(হি.স.)। নতুন দিল্লীত শনিবাৰে কেৰালাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভি ডি সতীশনে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম দিল্লী ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ
कांग्रेस संसदीय दल की अध्यक्ष सोनिया गांधी, लोकसभा में नेता प्रतिपक्ष राहुल गांधी और वायनाड से सांसद प्रियंका गांधी वाड्रा से मुलाकात करते हुए केरल के मुख्यमंत्री वीडी सतीशन।


दिल्ली में कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे से मुलाकात करते हुए केरल के मुख्यमंत्री वीडी सतीशन।


दिल्ली में कांग्रेस अध्यक्ष मल्लिकार्जुन खरगे से मुलाकात करते हुए केरल के मुख्यमंत्री वीडी सतीशन।


নতুন দিল্লী, ২৩ মে’(হি.স.)। নতুন দিল্লীত শনিবাৰে কেৰালাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভি ডি সতীশনে কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰী হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম দিল্লী ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাত বিৰোধী দলৰ নেত্ৰী ৰাহুল গান্ধী আৰু ৱায়ানাদৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে সাক্ষাৎ কৰি বিভিন্ন ৰাজনৈতিক আৰু সাংগঠনিক বিষয়ত আলোচনা কৰে।

দিল্লীত উপস্থিত হোৱাৰ লগে লগে সতীচনে প্ৰথমে কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি ভেনুগোপালৰ সৈতে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে। ইয়াৰ পিছতে তেওঁ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বাসগৃহলৈ যায় আৰু তাতেই খৰ্গে তেওঁক পৰম্পৰাগত পাগুৰিৰে সম্বৰ্ধনা জনায় আৰু মুখ্যমন্ত্ৰী হোৱাৰ বাবে অভিনন্দন জনায়।

ইয়াৰ পিছতে সতীশনে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে পৃথকে পৃথকে সাক্ষাৎ কৰে। দলীয় সূত্ৰ অনুসৰি কেৰালাৰ ৰাজনৈতিক পৰিস্থিতি, ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰ, আৰু দল সংগঠনৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। কংগ্ৰেছ নেতৃত্বই সতীশনক তেওঁৰ নতুন দায়িত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে ৰাজ্যৰ সফল চৰকাৰৰ কামনা কৰে।

ৰাজ্য চৰকাৰৰ প্ৰাৰম্ভিক পৰিকল্পনা আৰু প্ৰশাসনিক অগ্ৰাধিকাৰৰ বিষয়েও কংগ্ৰেছ নেতৃত্বক অৱগত কৰে মুখ্যমন্ত্ৰী সথিছনে। আগন্তুক দিনত কেৰালা চৰকাৰৰ কাৰ্য্য পৰিকল্পনা আৰু সাংগঠনিক সমন্বয়ৰ সন্দৰ্ভত দলৰ নেতৃত্বৰ সৈতে আলোচনা অব্যাহত থাকিব বুলি আশা কৰা হৈছে।

ইয়াৰ পূর্বে শুকুৰবাৰে গভীৰ নিশা দিল্লীত উপস্থিত হৈ কেৰালা ভৱনত থকা সতীছান৷ কংগ্ৰেছ সংগঠন আৰু ৰাজ্য চৰকাৰৰ মাজত উন্নত সমন্বয়ৰ বাবে তেওঁৰ দিল্লী ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখযোগ্য যে ভি.ডি. সতীশনে যোৱা ১৮ মে’ত তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰৰ ওচৰত পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰি কেৰালাৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হয়। আন বিশজন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে।

শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কেইবাজনো জ্যেষ্ঠ দলৰ নেতা উপস্থিত থাকে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমৈয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

প্ৰায় দহ বছৰৰ পাছত পুনৰ ক্ষমতালৈ আহিছে কেৰালাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ চৰকাৰ। এই বিজয় দক্ষিণ ভাৰতত কংগ্ৰেছৰ বাবে এক বৃহৎ ৰাজনৈতিক সফলতা বুলি বিবেচিত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande