কোকৰাঝাৰ আদালতৰ ধৰ্ষণকাৰীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ ৰায়
গোসাঁইগাঁৱৰ ১ নং ভোমৰাবিল গাঁৱৰ আবুল কালাম শ্বেখক ধৰ্ষণৰ অভিযোগত ২০ বছৰৰ কাৰাদণ্ড।
কোকৰাঝাৰ আদালতৰ ধৰ্ষণকাৰীক ২০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ ৰায়


কোকৰাঝাৰ, ২৩ মে’ (হি.স.): কোকৰাঝাৰ জিলা আদালতে যোৱা কালি শুকুৰবাৰে বিয়লি এক গুৰুত্বপূর্ণ ৰায়দান কৰে। এই ৰায় অনুসৰি গোসাইগাঁও থানাৰ অন্তৰ্গত ১ নং ভোমৰাবিল গাঁৱৰ বাসিন্দা আবুল কালাম শ্বেখক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰে ।

আদালতে দোষী সাব্যস্ত কৰাৰ পিছতে আবুল কালাম শ্বেখক ২০ বছৰৰ কঠোৰ কাৰাদণ্ড প্ৰদান কৰে। ইয়াৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনাও বিহে। আনহাতে জৰিমনা পৰিশোধ কৰিব নোৱাৰিলে ছয় মাহ কাৰাবাস ভোগ কৰিব লাগিব বুলিও আদালতে নির্দেশ দিয়ে।ঘটনাক কেন্দ্ৰ কৰি ভোমৰাবিল অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande