
ধুবুৰী, ২৩ মে’ (হি.স.): লক্ষ্য লক্ষ্য টকাৰ কৰ ফাঁকি দি অসমৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰি থকা হৈছে বহিঃ ৰাজ্যৰ বয় বস্তু, গুটখা জাতীয় সামগ্ৰীৰ গাড়ী । ধুবুৰীৰ পাণবাৰী মণিপুৰত প্ৰায় ৪০ পৰা ৫০ লাখ টকাৰ পাণমচলা কঢ়িয়াই অনা গাড়ী এখনক লৈ ৰহস্যৰ সৃষ্টি হৈছে । এইক্ষেতত একাংশ ব্যৱসায়ীয়ে জিএছটি ফাকিৰে পাণমচলা সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰো অভিযোগ উত্থাপিত হৈছে ।
জানিব পৰামতে, দিল্লীৰ পৰা গুৱাহাটীৰ লৈ পাণমচলা সৰবৰাহ কৰা হৈছিল এইচআৰ ৩৮ এএফ ৬৭০৮ নম্বৰৰ কণ্টেইনাৰ খনত। আনহাত ৰাজ্যিক বয় বস্তু সেৱা কৰ (এছজিএছটি) বিভাগৰ উপ আয়ুক্ত শংকৰ ডেকাৰ নেতৃত্বত চলোৱা চলোৱা অভিযানৰ সময়ত কন্টেইনাৰখন আৰক্ষীৰ হাতত গতাই নিদি গোটেই নিশা আৰু কালিৰ দিনটোলৈকে গোপনে লুকাই ৰখাৰ অভিযোগ উঠিছে ৷ এই অভিযানৰ সময়ত কণ্টেইনাৰখন নিশা ৰখাই থৈছিল ব্যক্তিগত খণ্ডৰ এখন ধাবাৰ সন্মুখত।ইফালে সাংবাদিকৰ তৎপৰতাৰ খবৰ পাই লগে লগে ট্ৰাক খন ধুবুৰীলৈ অনাৰ নিৰ্দেশ দিয়া হয়। এই ক্ষেত্ৰত ৰাজ্যিক বয় বস্তু সেৱা কৰ বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীয়ে এইদৰেই ট্ৰাক ৰখাই, গোপন স্থানত ৰাখি অবৈধ ধন সংগ্ৰহত নামিছে নেকি বুলিও চৰ্চিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ