
ধুবুৰী, ২৩ মে’ (হি.স.): ধুবুৰী জিলাৰ আগমনীত এইবাৰ গো-ধন কোৰবানীক লৈ বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে হালাকুৰাৰ বালাসী মছজিদ কমিটি, বৃহত্তৰ সমাজে । গো সুৰক্ষা আইনক সমৰ্থন জনাই গো-ধন কুৰবানীৰ পৰা সম্পূৰ্ণ ৰূপে বিৰত থকাৰ সিদ্ধান্ত লয় হালাকুৰাৰ বালাসী মছজিদৰ কমিটিয়ে।
ইফালে কোনোবাই যদি ইয়াক আওকাণ কৰি গো-ধন কুৰবানী কৰে তাৰ বাবে সমাজ দায়ী নহ’ব বুলিও সদৰি কৰা হৈছে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে গোলকগঞ্জৰ মুছলমান সমাজে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ভাতৃত্ববোধ অটুট ৰখা আৰু গো আইনক সন্মান জনাই গ্ৰহণ কৰে এই সিদ্ধান্ত । ঈদৰ দিনা যাতে কোনো দুষ্ট চক্ৰই গোপন ভাৱে গো-ধন কুৰবানী কৰিব নোৱাৰে তাৰ বাবে সৰ্বসাধাৰণ ৰাইজক সষ্টম থকাৰ বাবে অনুৰোধ জনায় বালাসী মছজিদ কমিটিয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ