
বৰপেটা, ২৩ মে’ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াত যোৱা কালি শুকুৰবাৰে বিয়লি এটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰা হয় । কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ খেল্লী গাঁৱৰ পৰা কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিতেশ হালৈৰ নেতৃত্বত গোপন অভিযান চলাই এজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীটো খেল্লী গাঁৱৰ জহুৰুল ইছলামৰ পুত্ৰ ৰাব্বুল আল আমিন বুলি জানিব পৰা গৈছে।
অভিযানত যুৱক জনৰ লগতে ২৯৩ খন আধাৰ কাৰ্ড, ১০৯ খন আয়ুস্মান কাৰ্ড, ৬ খন বেংক পাচবুক আৰু ৫ টাকৈ চেকবুক, ১৪ ছিমকাৰ্ড, ৫১ খন পান কাৰ্ড সহ মোবাইল আৰু লেপটপ জব্দ কৰে আৰক্ষীয়ে। তেওঁ বিভিন্ন চাইবাৰ অপৰাধৰ লগত জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। তেওঁৰ লগত মফিদুল ইছলাম নামৰ আন এজন চাইবাৰ অপৰাধী জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে যদিও মফিদুল ইছলাম বৰ্তমান পলাতক হৈ আছে। সেয়ে এনে অপৰাধীক কঠোৰ হাতেৰে দমন কৰিবলৈ ৰাইজৰ সহযোগ বিচাৰিছে বৰপেটা জিলা অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ