
নতুন দিল্লী, ২৩ মে’ (হি.স.)। পেট্ৰলিয়ামৰ মূল্য বৃদ্ধি অব্যাহত থকাক লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে। তেওঁ অভিযোগ কৰে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে চৰকাৰে পেট্ৰ’ল, ডিজেল, চিএনজি, এলপিজিৰ মূল্য অবিৰতভাৱে বৃদ্ধি কৰি সাধাৰণ জনতাৰ ওপৰত অতিৰিক্ত বোজা জাপি দিছে।
মল্লিকাৰ্জুন খৰ্গে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে যোৱা দহ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য তৃতীয়টো বৃদ্ধি। তেওঁ কয় যে ভাৰতত ইন্ধনৰ মূল্য আন বহু দেশতকৈ কম বুলি যুক্তি দি চৰকাৰে নিজৰ দায়িত্বৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে, আনহাতে সত্যটো হ’ল সংকটৰ সময়ত নিজৰ জনসাধাৰণক সকাহ দিবলৈ আন দেশসমূহে কৰ কৰ্তন আৰু সাহায্য পেকেজৰ ঘোষণা কৰিছে।
তেওঁ কয় যে পশ্চিম এছিয়াত চলি থকা উত্তেজনা আৰু বিশ্ব অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত ইটালী, অষ্ট্ৰেলিয়া, জাৰ্মানী, ব্ৰিটেইন, আয়াৰলেণ্ডৰ দৰে দেশসমূহে কৰ হ্ৰাস কৰি বা ইন্ধনত ৰাজসাহায্য দি জনসাধাৰণক সকাহ প্ৰদান কৰিছিল। ইয়াৰ বিপৰীতে ভাৰতে মূল্যবৃদ্ধি অব্যাহত ৰাখিছে, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সাধাৰণ মানুহৰ পকেটত পৰিছে।
কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে যে মুদ্ৰাস্ফীতি ইতিমধ্যে জনসাধাৰণৰ বাবে এক ডাঙৰ সমস্যা, আৰু পেট্ৰলিয়ামৰ মূল্য বৃদ্ধিৰ ফলত যাতায়ত, খাদ্য, দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ব্যয় আৰু অধিক বৃদ্ধি পাব। তেওঁ কয় যে ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণী, কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী, আৰু নিম্ন আয়ৰ গোটৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিব।
উল্লেখযোগ্য যে বিগত এমাহত পেট্ৰ’ল, ডিজেল, চিএনজি, এলপিজিৰ মূল্য কেইবাবাৰো বৃদ্ধি পাইছে। প্ৰথমে ১ মে’ত এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ₹৯৯৩ বৃদ্ধি কৰা হৈছিল আৰু দিল্লীত ইয়াৰ মূল্য ৩,০৭১.৫০ ₹লৈ বৃদ্ধি পাইছিল। ইয়াৰ পিছত ১৫ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে একেদিনাই চিএনজিও প্ৰতি কিলোগ্ৰামত ২ টকা ব্যয়বহুল হৈ পৰে।
ইয়াৰ পিছত ১৮ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৯০ পইচা বৃদ্ধি কৰা হয়, আৰু চিএনজিৰ মূল্য প্ৰতি কিলোগ্ৰামত এক টকা বৃদ্ধি কৰা হয়। ২৩ মে’ শনিবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৮৭ পইচা বৃদ্ধি কৰি প্ৰতি লিটাৰত ৯৯.৫১ টকা হোৱাৰ বিপৰীতে ডিজেল ৯১ পইচা ব্যয়বহুল হৈ প্ৰতি লিটাৰত ৯২.৪৯ টকা হয়।
পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস কৰি সাধাৰণ জনতাক সকাহ দিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে মল্লিকাৰ্জুন খৰ্গেয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া