
বঙাইগাঁও, ২৩ মে’ (হি.স.): বঙাইগাঁও জিলাৰ চাপৰাকাটাত মূল ৰাজপথত হেলমেট নিপিন্ধাকৈ, তীব্ৰ বেগত শৰ্পগতিত চলাই যোৱা বাইকাৰৰ দৌৰাত্মই তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে । বঙাইগাঁও জিলাৰ ঘাইপথত এতিয়া আতংকৰ আন এক নাম হৈ পৰিছে উদণ্ড বাইকাৰ। আইনক বুঢ়া আঙুলি দেখুৱাই ৰাজপথত এতিয়া মুক্ত বিচৰণ কৰিছে এইসকল উদণ্ড যুৱকে। মূৰত নাই হেলমেট, বাইকত নাই নম্বৰ প্লেট। যাৰ বাবে এতিয়া ৰাজপথত সাধাৰণ ৰাইজ তথা পথচাৰীৰ জীৱন বিপন্ন হৈ পৰিছে।
চকুৰ পচাৰতে তীব্ৰ বেগেৰে পাৰ হৈ যায় এজাক ডেকা ল’ৰা। কাণ তাল মৰা শব্দ, হাহাকাৰ পৰিৱেশ। আইনক বুঢ়া আঙুলি দেখুৱাই নিয়ন্ত্ৰণহীন গতিৰে বাইক চলাই এইসকল যুৱকে কেৱল নিজৰে নহয়, বিপন্ন কৰি তুলিছে সাধাৰণ পথচাৰীৰ জীৱন। ইফালে এইসকল উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহন বিভাগৰো নাই কোনো তৎপৰতা। এই উদণ্ড চালকসকলৰ বাবে যিকোনো মুহূৰ্ততে ঘটিব পাৰে ডাঙৰ দুৰ্ঘটনা ! এইক্ষেত্ৰত বঙাইগাঁও জিলা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰাতো বিচাৰিছে সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ