গো-মাতা তথা দেশৰ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু যোগী আদিত্য নাথক লৈ বিতৰ্কিত মন্তব্য কৰি ধুবুৰীত আটক যুৱক
গো-মাতাক লৈ বিতৰ্কত মন্তব্য কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু যোগী আদিত্য নাথক লৈ মন্তব্য কৰি VDO বনোৱা এজন যুৱকক আটক কৰিলে ধুবুৰী আৰক্ষীয়ে।
গো-মাতা তথা দেশৰ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু যোগী আদিত্য নাথক লৈ বিতৰ্কিত মন্তব্য কৰি ধুবুৰীত আটক যুৱক


ধুবুৰী, ২৩ মে’ (হি.স.): ঈদৰ পুৰ্বেই ধুবুৰী অশান্ত কৰাবলৈ তৎপৰ হৈ পৰিছে একাংশ দুষ্কৃতিকাৰী । গো-মাতাক লৈ বিতৰ্কত মন্তব্য কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী, মূখ্যমন্ত্ৰী আৰু যোগী আদিত্য নাথক লৈ মন্তব্য কৰি ভিডিঅ’ বনোৱা এজন যুৱকক যোৱা কালি শুকুৰবাৰে বিয়লি আটক কৰিলে ধুবুৰী আৰক্ষীয়ে ।

আটক হোৱা যুৱক জনৰ নাম আকিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। ধৃত যুৱকজনৰ ঘৰ ধুবুৰীৰ ঝগ্ৰাৰপাৰ প্রথম খণ্ডত।ধুবুৰীত এবছৰ পূৰ্বে ঈদৰ পিছদিনাৰ পৰা সৃ্ষ্টি হৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ।শান্তি পূৰ্ণ ভাৱে ঈদ উদযাপন কৰাৰ ক্ষেত্ৰত ধুবুৰী আৰক্ষী আৰু জিলা প্ৰশাসন বৰ্ত্তমান কঠোৰ হোৱা পৰিলক্ষিত হৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande