
বৰপেটা, ২৩ মে’ (হি.স.): বৰপেটা আৰক্ষীয়ে বৰপেটাত যোৱা কালি শুকুৰবাৰে বিয়লি চুৰি সোণসহ গ্ৰেপ্তাৰ কৰে এটা সোণাৰী |সোণাৰীটোৱে সোণ ক্ৰয় কৰা এটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে | বৰপেটা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰা সোণাৰীটোৰ নাম হাবিজুৰ ৰহমান | আনহাতে চুৰিত অভিযুক্তটোৰ নাম মুস্তাফিজুৰ ৰহমান |
ধৃত সোণাৰী হাবিজুৰ ৰহমানৰ পালহাজীত আছে জুৱেলাৰীৰ দোকান । আনহাতে চুৰিত অভিযুক্ত মুস্তাফিজুৰ ৰহমানৰ ঘৰ মাইলকুছি গাঁওত |ধৃত দুই অভিযুক্তৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি সোণৰ অলংকাৰসহ নগদ ধন | বিগত কেবামাহ ধৰি হায়দৰাবাদত চিকিৎসাধীন বৰপেটা চহৰৰ দক্ষিণহাটীৰ মন্মথ দাসৰ ঘৰৰ পৰা বুধবাৰে নিশা চোৰে লুটি নিচিল প্ৰায় ৮ তোলা সোণ, ৪ তোলা ৰূপৰ অলংকাৰ আৰু ৫ হাজাৰ নগদ টকাসহ পাট মুগাৰ কাপোৰ । বৰপেটা সত্ৰৰ সমীপৰ দক্ষিণহাটীৰ মন্মথ দাসৰ ঘৰত সংঘটিত চুৰিৰ ঘটনাটোক লৈ দূৰ্ভগীয়া পৰিয়ালটো হতাশাত ভাঙি পৰিছিল | অৱশেষত বৰপেটা আৰক্ষীয়ে চুৰি ধন সোণখিনি উদ্ধাৰ কৰিবলৈ যক্ষম হোৱাত বৰপেটা আৰক্ষীৰ শলাগ লৈছে চহৰবাসীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ