ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গোলাঘাটৰ বিশিষ্ট লোকসংগীতৰ শিল্পী ৰুমী শইকীয়া আৰু তেওঁৰ দুই শিষ্যাৰ পদক লাভ
গোলাঘাট, ২৩ মে (হি.স.)। আন্তৰাষ্টীয় মঞ্চত জিলিকিল গোলাঘাটৰ বিশিষ্ট লোকসংগীতৰ শিল্পী ৰুমী শইকীয়া আৰু তেওঁৰ দুই শিষ্যা মৌচুমী গগৈ আৰু দৃষ্টিজীনা ৰাগিনী গগৈ। ভিয়েটনামত আয়োজিত উনৈশ তম গ্লোৱেল কম্পিটিশ্বন এণ্ড ফেষ্টিভেল অৱ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ত
ভিয়েটনামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত গোলাঘাটৰ বিশিষ্ট লোকসংগীতৰ শিল্পী ৰুমী শইকীয়া আৰু তেওঁৰ দুই শিষ্যাৰ পদক লাভ


গোলাঘাট, ২৩ মে (হি.স.)। আন্তৰাষ্টীয় মঞ্চত জিলিকিল গোলাঘাটৰ বিশিষ্ট লোকসংগীতৰ শিল্পী ৰুমী শইকীয়া আৰু তেওঁৰ দুই শিষ্যা মৌচুমী গগৈ আৰু দৃষ্টিজীনা ৰাগিনী গগৈ। ভিয়েটনামত আয়োজিত উনৈশ তম গ্লোৱেল কম্পিটিশ্বন এণ্ড ফেষ্টিভেল অৱ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ত “দেস ৰাগ “ শীৰ্ষক পঞ্চদিৱসীয় মহোৎসৱত গুৰু ৰুমী শইকীয়াই পৰিৱেশিত কলা শিতানত অসমৰহৈ যোগদান কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আানিবলৈ সক্ষম হয় ৷

অসমৰ চাৰিজন গুৰুৰ তত্বাৱধানত মুঠ ত্ৰিশ জন ছাত্ৰ-ছ৷ত্ৰীয়ে ভিয়েটনামৰ ৰাজধানী হানয় চহৰত আয়োজিত গ্লোৱেল কম্পিটিশ্বন ত যোগদান কৰে ৷ উল্লেখযোগ্যযে ৰুমী শইকীয়াৰ দুই কৃতি ছাত্ৰী মৌচুমী গগৈ আৰু দৃষ্টিজীনা ৰাগিণী গগৈয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰি “কলানিধি হীৰক“ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷

ভিয়েটনামত অনুষ্ঠিত ইন্টাৰনেশ্বনেল কালচাৰেল হাৰমনি (International Cultural Harmony) “ দেশ ৰাগ” শীৰ্ষক পঞ্চদিৱসীয় মহোৎসৱত অসম চৰকাৰৰ শিল্পী সন্মান প্ৰাপক ,বিশিষ্ট লোক সংস্কৃতিৰ সাধক, অনাতাঁৰ শিল্পী , গুৰু সন্মানেৰে সন্মানিত ৰুমী শইকীয়াই অসমৰ লোকগীত ,মালিতা অৰ্থাৎ বেলাড পৰিবেশন কৰি দৰ্শকৰ সমাদৰ আৰু প্ৰশংসা লাভ কৰে ৷ তেও লোকসংস্কৃতিৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে গুৰু সন্মান হিচাবে “ মহাশ্ৰমণ“ সন্মানেৰে সন্মানিত কৰে ৷

উক্ত ইন্টাৰনেশ্বনেল কালচাৰেল হাৰমনি- উনৈশ তম গ্লোৱেল কম্পিটিশ্বন এণ্ড ফেষ্টিভেল অৱ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ আয়োজক আছিল ছত্তীশগড় , ভিল্লাই ৰ “ নৃত্যধাম কলা সমিতি“ৰ নিৰ্দেশিকা ড° ৰাখী ৰয় আৰু সমৰ্থক আছিল ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়,আয়ুস মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, আই .এ .এফ ,দৰ্পণ আদি ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande