হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কৃত্ৰিম বান
হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কৃত্ৰিম বান ।
হাটশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত কৃত্ৰিম বান


দক্ষিণ শালমাৰা মানকাচৰ, ২৩ মে’ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে । দীৰ্ঘদিন ধৰি পানীৰ তলত থাকে মহাবিদ্যালয়ৰ খেলপথাৰ খন । ইয়াৰ ফলত শিক্ষাৰ্থীৰ পঢ়াশুনা আৰু খেলা ধুলাত ব্যাঘাত জন্মিছে । যোৱা কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত থকা একমাত্ৰ মহাবিদ্যালয় খেলপথাৰত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।

এই কৃত্ৰিম বানৰ ফলত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ লগতে মহাবিদ্যালয়ৰ পৰিবেশ দূষিত হৈ পৰা পৰিলক্ষিত হয় । ইয়াৰোপৰি দীৰ্ঘদিন মহাবিদ্যালয়ৰ খেলপথাৰখন পানীৰ তলত বুৰ গৈ থকাত ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ ক্ষেত্ৰত ব্যাঘাতৰ সৃষ্টি হয় । ইপিনে জিলাখনৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ পৰা সামান্য দূৰত অৱস্থিত মহাবিদ্যালয়খনৰ প্ৰাক্তনত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ পিছত জিলা প্ৰশাসনৰ ফালৰ পৰা পানী নিষ্কাষণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande